ডিব্ৰুগড়ৰ অন্যতম আকৰ্ষণীয় স্থান ডিটিপি ডাইক্ (DTP Dyke) আৰু কিছু চিন্তা – প্ৰাৰ্থনা সন্দিকৈ

ডিব্ৰুগড়ৰ অন্যতম আকৰ্ষণীয় স্থান ডিটিপি ডাইক্ (DTP Dyke) আৰু কিছু চিন্তা 

প্ৰাৰ্থনা সন্দিকৈ

অসমৰ পূব প্ৰান্তত অৱস্হিত এক গুৰুত্বপূৰ্ণ নগৰ হিচাপে ডিব্ৰুগড়ৰ বিশেষ পৰিচয় আছে। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে থকা  এই ঐতিহাসিক চহৰখন ‘চাহ-নগৰী’ হিচাপেও জনাজাত। প্ৰাকৃতিক সৌন্দৰ্য, প্ৰাচীন ঐতিহ্য, নদীকেন্দ্ৰিক জীৱনধাৰা আৰু সেউজীয়া পৰিৱেশে ডিব্ৰুগড়ক অসমৰ অন্যতম আকৰ্ষণীয় পৰ্যটনস্থল হিচাপে গঢ়ি তুলিছে। এই চহৰৰ বহু আকৰ্ষণীয় পৰ্যটনস্হলীৰ  ভিতৰত ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধ(Dibrugarh Town Protection)  চমুকৈ  ডিটিপি ডাইক্ (DTP Dyke)  বিশেষভাৱে উল্লেখযোগ্য। ব্ৰহ্মপুত্ৰৰ পাৰত  নিৰ্মিত এই বান্ধ কেৱল বান নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা এক প্ৰযুক্তিগত ব্যৱস্থাই নহয়; বৰ্তমান ই হৈছে ডিব্ৰুগড়ৰ সামাজিক, সাংস্কৃতিক আৰু পৰ্যটন কেন্দ্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ। একেদৰে বৰ্তমান ডিটিপি ডাইকক কেন্দ্ৰ কৰি পৰিৱেশ সংৰক্ষণ, নদী প্ৰদূষণ,  জৈৱ – বৈচিত্ৰ্য ৰক্ষা আৰু নগৰ উন্নয়নৰ দৰে বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো চিন্তা-চৰ্চা কৰাৰ বাট মুকলি হৈছে।ডিটিপি ডাইক্ মূলতঃ ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া আৰু বানৰ পৰা ডিব্ৰুগড় চহৰক সুৰক্ষা দিয়াৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছিল। ১৯৫০ চনৰ বৰভূঁইকঁপৰ পাছত ব্ৰহ্মপুত্ৰ নদীৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ বাবে ডিব্ৰুগড় চহৰ বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। চহৰখনৰ এই সমস্যাক আঁতৰ কৰাৰ বাবে সেই সময়ৰ চৰকাৰখনে এই সুৰক্ষা বান্ধটি নিৰ্মাণ কৰিছিল। ১৯৫০ ৰ পাছত এই বান্ধটি নিৰ্মাণ কৰাৰ পৰৱৰ্তী সময়ত পুনৰ নিৰ্মাণৰ বাবে কোনোধৰণৰ উদ্যোগ গ্ৰহণ নকৰাৰ ফলত ই জৰাজীৰ্ণ ৰূপ লাভ কৰিছিল। যোৱা ২০১৩-২০১৪ চনত এই বান্ধৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ  কৰা হয় আৰু ২০১৭ চনত এই কাম সমাপ্ত হয়। সু পৰিকল্পিত ৰূপত পুনৰ নিৰ্মাণ কৰা প্ৰায় ৮.৫ কি.মি দৈৰ্ঘ্যৰ এই বান্ধে বিগত সময়ছোৱাত  ডিব্ৰুগড় চহৰক সম্ভাব্য বানপানী সমস্যাৰ পৰা সুৰক্ষা প্ৰদান কৰি আহিছে। অতীতত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড সোঁত আৰু খহনীয়াই ডিব্ৰুগড়ৰ বিস্তৃত অঞ্চল ক্ষতিগ্ৰস্ত কৰিছিল। সেয়েহে চহৰখনৰ অস্তিত্বক সুৰক্ষিত কৰি  ৰাখিবলৈ চৰকাৰী পৰ্যায়ত ডাইক্ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। কালক্ৰমত এই ডাইক্ কেৱল এক সুৰক্ষা প্ৰকল্প হৈ নাথাকি জনসাধাৰণৰ অৱসৰ বিনোদন, ব্যায়াম, সামাজিক সম্পৰ্ক গঢ়া আৰু পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ স্হানলৈ পৰিণত হ’ল। ডিটিপি ডাইকৰ আটাইতকৈ প্ৰধান আকৰ্ষণ হৈছে ইয়াৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ। ডাইকৰ ওপৰত থিয় হৈ অথবা খোজ কাঢ়ি বিশাল ব্ৰহ্মপুত্ৰৰ বিস্তৃত জলৰাশি, দূৰৈত দেখা পোৱা নৈৰ মাজে মাজে থকা বালিচৰসমূহ, উত্তৰ-পূব পাৰে অৱস্হিত অসম-অৰুণাচল সীমান্তৰ সুউচ্চ পাহাৰবোৰৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ আৰু অস্তগামী সূৰুযৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰি। বিশেষকৈ সূৰ্যাস্তৰ সময়ত আকাশত ডাৱৰৰ পৰিৱৰ্তন  আৰু নদীৰ বুকুত তাৰ প্ৰতিফলনে এক অপূৰ্ব দৃশ্যৰ সৃষ্টি কৰে। এই দৃশ্যই কেৱল পৰ্যটককেই  নহয়, স্থানীয় লোকসকলকো প্ৰতিদিনেই আকৰ্ষিত কৰি আহিছে। ফলস্বৰূপে প্ৰতিদিনে  অসংখ্য লোকে খোজ কাঢ়িবলৈ, শৰীৰচৰ্চা কৰিবলৈ অথবা মনৰ প্ৰশান্তি বিচাৰি এই ঠাইলৈ আহে। ডিটিপি ডাইক্ ডিব্ৰুগড় চহৰৰ সামাজিক জীৱনৰো এক গুৰুত্বপূৰ্ণ অংশ। ইয়াত প্ৰতিদিনেই বিভিন্ন বয়সৰ লোক একত্ৰিত হয়। পুৱা আৰু সন্ধিয়াৰ সময়ত স্বাস্থ্য সচেতন লোকসকলে ইয়াত খোজ কাঢ়ে, দৌৰে আৰু  ব্যায়াম কৰে। বহু শিক্ষাৰ্থী আৰু যুৱক-যুৱতীয়ে বন্ধু-বান্ধৱীৰ সৈতে সময় অতিবাহিত কৰিবলৈয়ো ইয়ালৈ আহে। উৎসৱ-পাৰ্বণ, সাংস্কৃতিক অনুষ্ঠান অথবা বিশেষ দিনসমূহতো এই ডাইক এলেকা বিশেষভাৱে ব্যস্ততাপূৰ্ণ হৈ উঠে। সেয়েহে এই স্থান কেৱল এক পৰ্যটনস্থলীয়েই নহয়, ই সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মাজত সম্পৰ্ক গঢ়ি তোলাৰো এক মাধ্যম হিচাপে কাম কৰি আহিছে ।