মহা শিৱৰাত্ৰি – লখিমী শৰ্মা 

Pc Boldsky
মহা শিৱৰাত্ৰি 
লখিমী শৰ্মা 
যোৰহাট 
দেশজুৰি হিন্দুুধৰ্মী লোকসকলে উদযাপন কৰে মহাশিৱৰাত্ৰি । শান্তি , সমৃদ্ধিৰ লগতে মনোবাঞ্ছা পূৰণ হোৱাৰ বিশ্বাসেৰে ভক্তসকলে আশীষ লয় আদিযোগী বাবা ভোলানাথৰ । শিৱ হৈছে এনে এজন দেৱতা যি কাৰোৰে বেয়া হোৱাটো নিবিছাৰে । সংস্কৃত শব্দৰ পৰা অহা ‘ শিৱ ‘ ৰ অৰ্থ হৈছে মংগল । হিন্দু সকলৰ তিনিটা বিশেষ প্ৰাথমিক দৈৱসত্বাৰ অন্যতম হ’ল মহাদেৱ । ত্ৰিমূৰ্তিৰ ভিতৰত বহুতে শিৱক সৰ্বোচ্চ ঈশ্বৰ বুলি জ্ঞান কৰে । শিৱৰ অৰ্থ মংগল । কিন্তু কেতিয়াবা সংহাৰ সৃষ্টিকাৰী ৰূপত ৰুদ্ৰমূৰ্তি ধৰি এই শিৱই ধ্বংসৰ প্ৰতীক ৰূপেও নিজকে প্ৰতিষ্ঠা কৰিছে । কেতিয়াৰ পৰা মানুহে শিৱক পূজা কৰিবলৈ ল’লে সেয়া নিশ্চিতভাৱে কোনো ক’ব নোৱাৰে । উল্লেখ্য যে , মহেঞ্জোদাৰো খনন কাৰ্যৰ সময়ত এক প্ৰাচীন ভাস্কৰ্য আৱিস্কাৰ হৈছিল । যি ভাস্কৰ্যৰ খোদিত চিত্ৰই শিৱক প্ৰতিনিধিত্ব কৰে । আধুনিক শিৱ আৰু বৈদিক দেৱতা ৰুদ্ৰৰ মাজত বহু মিল পৰিলক্ষিত হয় । হিন্দু সমাজত দুয়োকে একেজনেই বুলি বহুজনে জ্ঞান কৰে । শিৱৰ সন্দৰ্ভত ঋকবেদত মৰৎগণৰ পিতা বুলি উল্লেখ আছে । একেদৰে যজুবেদত ৰুদ্ৰম স্তোত্ৰটোত ৰুদ্ৰক শিৱ নামেৰে বন্দনা কৰা হৈছে । যিটো হিন্দুসকলৰ বাবে অতি পবিত্ৰ । দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যেই প্ৰতি বছৰে এই উৎসৱ পালন  কৰি অহা হয় । হিন্দু দিনপঞ্জী অনুসৰি প্ৰতি মাহৰে ত্ৰয়োদশ নিশা / চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰি তিথি পৰে । কিন্তু বছৰত এবাৰকৈ ফাগুণত আয়োজন কৰা হয়  ” মহাশিৱৰাত্ৰি ” হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰাৰ পণ স্মৰণ কৰা হয় । ইয়াত ভক্তসকলে শিৱৰ আঁৰতি পাঠ , উপবাস , যোগ আদি নিয়ম পালন কৰে । কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিলিংগ দৰ্শন কৰে । অৱশ্যে প্ৰাচীন হিন্দু উৎসৱৰ আৰম্ভণিৰ তাৰিখ নিশ্চিতভাৱে কোনো ক’ব নোৱাৰে । শিৱৰ এটা বৈশিষ্ট্য হ’ল —– তেওঁ ত্ৰিনয়ন । কঠিত আছে , এই তৃতীয় নয়নেৰে তেওঁ কামদেৱক পুৰি ভস্ম কৰিছিল । সেইদৰে শিৱৰ জঁটাধাৰী শিৰত বিৰাজ কৰে চন্দ্ৰই । যাৰ কাৰণে শিৱৰ অন্য এটা নাম চন্দ্ৰশেখৰ । সৰ্বাংগত ভস্ম অৰ্থাৎ বিভূতিৰ প্ৰলেপ থকাৰ বাবেই তেওঁৰ আন এটা নাম হ’ল — বিভূতিভূষণ । শিৱৰ চুলি জঁটাবন্ধা । তেওঁ সমুদ্ৰ মন্থনত ওলোৱা বিহ পান কৰাৰ বাবে নীলকণ্ঠ নামেৰেও পৰিচিত । এনে বিশ্বাসো আছে — পবিত্ৰ গংগা নদী শিৱৰ জঁটাৰ পৰা ওলাইছে । গংগা মৈত্ৰলৈ নামি অহা কালত তেওঁক শিৱই জঁটাত ধাৰণ কৰি লৈছিল । শিৱ আৰাধনাত ঔমঃকাৰ ধ্বনিয়ে তেওঁৰ পৰম ব্ৰক্ষ্ম ৰূপক উপস্থাপিত কৰে । শিৱৰ হাতত থাকে এটা বিশেষ বাদ্য । ডম্বৰু বজাই এটা বিশেষ ভংগীমাৰে শিৱৰ অস্তিত্বক নটৰাজ ৰূপত উপাসকসকলে কল্পনা কৰি পূজা কৰে । শিৱৰ আন এটা ৰূপ হ’ল —- তাণ্ডৱ । তেওঁ যেনেদৰে দুৰ্বলজনৰ ত্ৰাণকৰ্তা , তেনেদৰে অপশক্তিৰ বিনাশৰ বাবে মুহুূৰ্ততে তাণ্ডৱ ৰূপো ধাৰণ কৰিব পাৰে । শিৱক যোগী বা গৃহস্থী ৰূপত কল্পনা কৰা হয় । শিৱই মৃত্যুক জয় কৰিব পাৰে । বিশ্বৰ ভিতৰতে আটাইতকৈ ভক্ত থকা দেৱতা শিৱ । ব্ৰক্ষ্মা – বিষ্ণু – মহেশ্বৰ , এই তিনিমূৰ্তিৰ ভিতৰত শিৱক সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয় । শিৱক লিংগ ৰূপত পূজা কৰা হয় । ইয়াৰ অৰ্থ অনেক আছে । ই এক প্ৰতীকি অৰ্থ । মূলতঃ হিন্দু ধৰ্মত শিৱ লিংগ আৰু নাৰায়ণশিলাক ভক্তসকলে এই প্ৰতীকি ৰূপ দি অতীতৰে পৰাই পূজা কৰি আহিছে ।