মহাৰাষ্ট্ৰত নতুনকৈ কৰʼনাৰ ডেল্টা প্লাছ প্ৰকৰণৰ দ্বাৰা সংক্ৰমিত ২৭জন

pc- Rediffmail

মহাৰাষ্ট্ৰত নতুনকৈ কৰʼনাৰ ডেল্টা প্লাছ প্ৰকৰণৰ দ্বাৰা সংক্ৰমিত ২৭জন

অনলাইন বাৰ্ত্তাসেৱা– মহাৰাষ্ট্ৰত কৰʼনাৰ ডেল্টা প্লাছ প্ৰকৰণৰ দ্বাৰা ২৭টা সংক্ৰমণৰ ঘটনা ধৰা পৰিছে। মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে সদৰী কৰা মতে ডেল্টা প্লাছ প্ৰকৰণত সংক্ৰমণ হোৱা লোকৰ সংখ্যা ১০৩ জনলৈ বৃদ্ধি পায়। মুম্বাইৰ কস্ত্তৰোৱা চিকিৎসালয়ৰ পৰা সংগ্ৰহ কৰা ১৮৮টা নমুনা পৰীক্ষা কৰোৱাৰ পাছত ১২৮চা নমুনা ডেল্টা প্ৰকৰণৰ দ্বাৰা সংক্ৰমিত হোৱাটো নিশ্চিত হয়। সংগৃহীত নমুনাৰ পৰা ২টা আলফা প্ৰকৰণ আৰু ২৪টা কাপ্পা প্ৰকৰণৰ দ্বাৰা সংক্ৰমিত বুলি ধৰা পৰে। মহাৰাষ্ট্ৰত ১৫ ফেব্ৰুৱাৰীৰ পাছত কৰʼনা সংক্ৰমিত লোকৰ সংখ্যা এদিনত ৩,৬৪৩ জনলৈ হ্ৰাস পোৱাৰ সময়তে ডেল্টা প্লাছ প্ৰকৰণৰ দ্বাৰা সংক্ৰমিত হোৱা তথ্য নিশ্চিত হৈছে। মহাৰাষ্ট্ৰত এতিয়া কৰʼনাত সংক্ৰমিত হৈ ৪৯,৯২৪ জন লোক চিকিৎসাধীন অৱস্থাত আছে। কৰʼনাৰ ডেল্টা প্লাছ প্ৰকৰণৰ সংক্ৰমণৰ বাবে পুনৰ তৃতীয় লহৰে মৰাত্মক ৰূপ লোৱাৰ আশংকা ব্যক্ত কৰা হৈছে।

 

(RT)