মহানগীৰৰ ভয়াৱহ যানজঁটে জলাকলা খুৱাইছে মহানগৰবাসীক
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত ক্রমবর্ধমান যানজঁটৰ সমস্যাই মহানগৰবাসীক জলাকলা খুৱাই আহিছে। যানজঁটৰ সমস্যা সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি হাইক’র্টে যান-বাহন আৰক্ষী, জিএমচিকে ধৰি বিভিন্ন বিভাগসমূহক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। কিন্তু মহানগৰীৰ যানজঁটৰ সমস্যা সমাধানৰ বাবে যান-বাহন আৰক্ষী আৰু বিভাগীয় কর্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। শেহতীয়াকৈ এম জি ৰোড আৰু এ টি ৰোডত যানজঁটে ভয়াৱহ ৰূপ লৈছে। বিশেষকৈ ভৰলুমুখ, শান্তিপুৰ, মাছখোৱা, কুমাৰপাৰা, আঠগাঁও আৰু ফটাশিল অঞ্চলত বসবাস কৰা লোকসকলে প্রতিদিনে ঘণ্টাৰ পাছত ঘণ্টা ধৰি যানজটত আবদ্ধ হৈ বহুমূলীয়া সময় নষ্ট কৰিবলগীয়া হৈছে। যানজটত আবদ্ধ হৈ থাকিবলগীয়া হোৱাত চৰকাৰী- বেচৰকাৰী আৰু বিভিন্ন কামত ওলাই অহা লোকসকলে সময়মতে গন্তব্য স্থান আৰু কৰ্তব্য সমাপন কৰিব পৰা নাই। সেয়েহে ভুটনাথ, ভৰলুমুখ, ফটাশিল, শান্তিপুৰ, কুমাৰপাৰা অঞ্চলৰ ৰাইজক লৈ গঠিত হোৱা নাগৰিক সমন্বয় সমিতিয়ে শীঘ্ৰে যানজটৰ সমস্যাৰ পৰা মহানগৰবাসীক মুক্ত কৰিবলৈ যান-বাহন আৰক্ষী আৰু চৰকাৰক আহ্বান জনাইছে। উল্লেখ্য যে মাছখোৱা, ভূতনাথ সংযোগী এলিভেটেড কৰিড’ৰ মুকলি কৰি দিয়াৰ পিছত যানজঁটৰ সমস্যা কিছু হ্রাস পাইছিল। কিন্তু ভূতনাথৰ পৰা এম জি ৰোডেৰে যাতায়াত বন্ধ কৰি দিয়াত যানজটৰ সমস্যাই ভয়াৱহ ৰূপ লৈছে। শীঘ্ৰে এম জি ৰোড আৰু এ টি ৰোডৰ যানজটৰ সমস্যা সমাধান কৰি সুচল যাতায়াত ব্যৱস্থা প্ৰদানৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ নাগৰিক সমিতিয়ে আহ্বান জনাইছে।