মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্রদান কৰে ‘প্রার্থনা’, ‘মুখ্যমন্ত্রী ক’ভিড বিধৱা সাহায্য আদি আঁচনিৰ হিতাধিকাৰীসকলক সাহায্য

pc News Move

মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্রদান কৰে ‘প্রার্থনা’, ‘মুখ্যমন্ত্রী ক’ভিড বিধৱা সাহায্য আদি আঁচনিৰ হিতাধিকাৰীসকলক সাহায্য

ৰঙিলী বাৰ্ত্তাসেৱা – দৰঙৰ অভিভাৱক মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে মঙলদৈ চহৰস্থিত জিলা পুথিভঁৰালত অনুষ্ঠিত এখন সভাত ‘প্রার্থনা’, ‘মুখ্যমন্ত্রী ক’ভিড বিধৱা সাহায্য আদি আঁচনিৰ হিতাধিকাৰীসকলক সাহায্য প্রদান কৰে। সাহায্য বিতৰণ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে চৰকাৰ গঠন কৰাৰ প্ৰথম দিনাখনৰ পৰাই সমাজৰ আৰ্থিক তথা সামাজিকভাৱে দুৰ্বল লোকসকলৰ বাবে কেতবোৰ বিশেষ আঁচনি ৰূপায়ণ কৰি আহিছে বুলি উল্লেখ কৰে মন্ত্ৰী পাটোৱাৰীয়ে। দিনৰ ১.৩০ বজাৰ পৰা আৰম্ভ হয় এই সাহায্য বিতৰণ অনুষ্ঠান। মন্ত্ৰীগৰাকীৰ উপস্থিতিত সমাজ কল্যাণ বিভাগৰ দ্বাৰা দিব্যাংগ বয়োজ্যেষ্ঠ লোকক হুইল চেয়াৰো বিতৰণ কৰা হয়। এই অনুষ্ঠানৰ অংশ স্বৰূপে প্রার্থনা আদি আঁচনি প্ৰৱৰ্তন কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। ক’ভিডৰ বাবে আপোনজনক হেৰুৱাবলগীয়া হোৱা দুৰ্ভগীয়া লোকসকলৰ কাষত অসম চৰকাৰ সদায় সাৰথি ৰূপে থিয় হৈ থাকিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে উপস্থিত থকা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আমেৰিকাৰ দৰে বিশ্বৰ সবাতোকৈ ধনী দেশৰ তুলনাত ভাৰতত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা কম হোৱাৰ বাবে ভাৰত চৰকাৰৰ সময়োচিত সিদ্ধান্তসমূহক প্ৰশংসা কৰি কয় যে যিসকল দুৰ্ভগীয়া লোকে নিজৰ আত্মীয়ক ক’ভিডৰ বাবে এই পৃথিৱীৰ পৰা বিদায় দি বলগীয়া হ’ল, তেওঁলোকৰ বাবে চৰকাৰৰ তৰফৰ পৰা যিমানদূৰ সম্ভৱ সকলো ধৰণৰ সহায়-সহযোগিতা আগ বঢ়াই যাব। দৰঙৰ উপায়ুক্ত প্রভাতী থাওচেনে সদৰী কৰা অনুসৰি প্ৰাৰ্থনা আঁচনিৰ বাবে মুঠ ১২ গৰাকী, মুখ্যমন্ত্রী ক’ভিড বিধৱা আঁচনিৰ বাবে ২৬গৰাকী আৰু সমাজ কল্যাণ বিভাগৰ হুইল চেয়াৰ বিতৰণৰ বাবে মুঠ ৪২গৰাকী লোকক বাছনি কৰা হৈছে । উল্লেখ্য যে অনুষ্ঠানত মন্ত্রী পাটোৱাৰী, সাংসদ শইকীয়া, উপায়ুক্তৰ উপৰি মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজ বংশী, দলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মুজিবৰ ৰহমানৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।