মনবল নে দেহৰবলৰ প্ৰয়োজন
-শৈলেন কুমাৰ, মিৰ্জা
এটা সুষ্ঠ শৰীৰত এটা সুষ্ঠ মন বাস কৰে ৷ শৰীৰ শক্তিশালী হ’লে মনত প্ৰতিপল প্ৰতিক্ষণে ধনাত্মক চিন্তাৰ প্ৰৱাহ বয় ৷ কিন্তু এটা শৰীৰ সুষ্ঠ হব লগা হ’লে মনৰ দৃঢ়তাৰ আৰু সংকল্পৰ যথেষ্ট প্ৰয়োজন ৷ বৰ্তমান সময় তথা সমাজৰ যিটো জীৱন জীয়াই থকাৰ শৈলী তাত প্ৰতিযোগিতা আৰু উত্তেজনা অধিক হাৰত বৃদ্ধি পাইছে,যাৰফলত মানসিক অশান্তিত ভুগিব লগা হৈছে ৷ ঘৰ চলোৱাৰ দায়িত্ব,নিজৰ কেৰিয়াৰ চিন্তা,সমাজত প্ৰতিষ্ঠিত হোৱাৰ হেচা আৰু বহু দায়িত্ব আৰু বান্ধোনত জৰজৰিত এটা জীৱন ৷ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱা পৰ্যন্ত এজন ব্যক্তিৰ জীৱনত দায়িত্ব আৰু বান্ধোনৰ গধুৰ হেচা আৰু চাপত থকা পৰিলক্ষিত হয় ৷ জন্ম ধৰিছোঁ যেতিয়া সমাজ আৰু প্ৰকৃতিৰ নিয়মনীতি মানি জীৱন চলাই আগুৱাই গৈ থাকিব লাগিব জীৱনৰ পৰিসমাপ্তি নহোৱা পৰ্যন্ত ৷ প্ৰকৃতিৰ সৃষ্টি হ’ল শৰীৰ আমাৰ দেহাটো আৰু মন হৈছে আমাৰ আভ্যন্তৰীণ সত্ত্বা মন বিবেক আৰু বুদ্ধিৰ দ্বাৰা আমাৰ শৰীৰটো পৰিচালিত হয় ৷ শৰীৰটো এটা নিৰ্দিষ্ট আৰু সীমিত প্ৰকৃতিৰ নিয়মত আৱদ্ধ আৰু মনটো হৈছে অন্তত আৰু অসীম ৷প্ৰকৃতি থকালৈকে দেহ আৰু মন তাৰ মাজত সমাজৰ বান্ধোন থাকিবই,যাৰবাবে সকলো দায়িত্ব আৰু বান্ধোন বোৰক জীৱন জীয়াই থকাৰ সম্বল হিচাপে লৈ শৰীৰৰ লগতে মনবল দৃঢ় কৰি জীৱনযাত্ৰাত আগুৱাই গৈ থাকিব লাগিব ৷ দায়িত্ব আৰু বান্ধোন বোৰক কেতিয়াও বোজা বুলি ভবা উচিত নহয়,এই সকলোবোৰ এটা সুযোগ হিচাপে বিবেচনা কৰি জীৱনটো আনন্দৰে উপভোগ কৰা উচিত। লগতে বৰ্তমান সমাজত শাৰীৰিক বল আৰু মনৰবল দুয়োটাৰে প্ৰয়োজন আছে কিন্তু চৰ্ত এটাই বলৰ প্ৰয়োগ কেতিয়াও অপকৰ্মৰ বাবে নহয় সত্য আৰু আনন্দৰ বাবে হোৱা উচিত,আৰু তেনেকুৱা চিন্তাধাৰা যদি প্ৰতিজন ব্যক্তিৰ হয় তেতিয়াহলে আমাৰ সমাজ সুৰক্ষিত আৰু আমাৰ দেশ মহান ৷