মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য চৰ্চা – নাছিৰ আহমেদ

মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য চৰ্চা
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
এক শৰণ নাম ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে জীৱনৰ অন্তিম কালত ( ৯৭ বছৰ বয়সত) কোচবিহাৰ ৰাজ্যৰ ভেলা-মধুপুৰ সত্ৰত থাকি এই ভক্তি ধৰ্মৰ প্ৰচাৰ চলাই যোৱাৰ উপৰিও সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছিল। প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে  কোচবিহাৰ ৰাজ্যলৈ আহিব বিচৰা নাছিল। কাৰণ, কোচবিহাৰ ৰাজ্যৰ কোচ ৰজা নৰনাৰায়ণো শাক্ত ধৰ্মৰ উপাসক আছিল। কিন্তু ,কোচ ৰজা নৰনাৰায়ণৰ বিদ্যোৎসাহী মনোভাৱ, সাহিত্য চৰ্চাৰ প্ৰতি গভীৰ অনুৰাগ আৰু তেওঁৰ পৃষ্ঠপোষকতাত কোচবিহাৰৰ ৰাজসভাত ভাৰতৰ সোণালী গুপ্ত যুগৰ দ্বিতীয় বিক্ৰমাদিত্যৰ ৰাজসভাত নৱৰত্নৰ সমাবেশ ঘটাৰ দৰে কোচবিহাৰ ৰাজ্যৰ সকলো কবি, সাহিত্যকে প্ৰাচীন কমতাপুৰী বা ৰাজবংশী তথা দেশী ভাষাত সাহিত্য চৰ্চা কৰা দেখি অত্যুৎসাহী হৈ উজনি অসমৰ শাক্ত-পন্থী ৰজাসকলৰ দ্বাৰা নিগৃত হৈয়েই নামনি অসমৰ পাটবাউসীলৈ ক্ৰমে মাধৱদেৱ, হৰিদেৱ, ৰামৰায়, নাৰায়ন ঠাকুৰ ,ৰামৰাম ঠাকুৰ আদিকে কৰি ছকুৰি শিষ্যৰে সৈতে থাকিবলৈ লওঁতেই বামুণসকলে কোচবিহাৰ ৰাজ্যৰ কোচ ৰজা নৰনাৰায়ণৰ কৰ্ণগোচৰ কৰিলে যে, ” শংকৰে আপোনাৰ ৰাজ্যৰ সমস্ত নষ্ট কৰিলে। জাতপাতৰ কোনো বিচাৰ নাই।”  তেতিয়া নৰনাৰায়ণে খঙতে গৰ্জি উঠি কলে , ” মোৰ দেশত শঙ্কৰে এনে কৰে। হাড়ে পুৱাইব জুই ছালে ডামা সীম।” অৰ্থাৎ শৰীৰৰ মাংস তাৰ কুকুৰক দিম। এই বুলি কৈ পাটবাউসীৰ পৰা ৰাজধানীলৈ ধৰি আনিবলৈ দহজন গড়মলী ( চিপাহী) পঠিয়াই দিলে। ইতিমধ্যে ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায়ে শঙ্কৰদেৱৰ সম্পৰ্কীয় ভাই ৰামৰায়ৰ কন্যা কমলা প্ৰিয়াক বিয়া কৰাইছিল। কমলাপ্ৰিয়াৰ মুখত শংকৰদেৱৰ গুণ-গৰিমাৰ কথা শুনি তেওঁ শংকৰ গুৰুৰ শৰণ লৈছিল। সেয়ে, গুৰুৰ বিপদৰ আশংকা কৰি চিলাৰায়ে শঙ্কৰদেৱক লুকাই ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণ-গৰিমাৰ কথা ৰজা নৰনাৰায়ণক কোৱাত তেওঁ আশ্বস্ত হৈ শংকৰদেৱক ৰাজসভাত আনিবলৈ কলে । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ হাতে তুলসী দেখিতে সুন্দৰ গৌৰবৰ্ণ কলেবৰ কৰন্ত প্ৰকাশ আতি সূৰ্য বৰাবৰ দেখি ৰজা মুগ্ধ হৈ পৰিল । তাৰ পিছত ৰজাৰ আদেশ পাই সাত খলপীয়া ভেঁটিৰ ওপৰত সিংহাসনত আগবাঢ়ি যাওঁতে প্ৰতি খলপাতে শঙ্কৰদেৱে তোটোয় গালে,” মধু দানৱ দাৰণ দেৱ বৰং। দেৱ ৱাৰিজ লোচন চক্ৰ ধৰম।” তাৰ পিছত” নাৰায়ণ কাহে ভকতি কৰু তেৰা ” এই ধনশ্ৰী ৰাগ গাই তেওঁ ৰাজ ভটিমা গালে, ” জয় জয় মল্ল নৃপতি ৰসবান। যাকেৰি গুণগান নাহিকে সমান। ” গুৰুজনাৰ পাণ্ডিত্য, গুৰু – গাম্ভীৰ্যপূৰ্ণ আচৰণ আৰু সৃজনীশীল প্ৰতিভাৰ উমান পাই ৰজা নৰনাৰায়ণে তেওঁক শিষ্য-বৰ্গেৰে সৈতে মধুপুৰত স্থায়ী ভাবে থাকি মাজে মাজে ৰাজসভালৈ আহিবলৈ অনুৰোধ কৰিলে। চিলাৰায়ে মধুপুৰ সত্ৰত গুৰুজনাক থকাৰ বাবে গৃহ নিৰ্মাণ কৰি দিলে।‌ এই মধুপুৰৰ প্ৰাচীন নাম আছিল চন্দনচৌৰা । গুৰুজনাই শিষ্য-বৰ্গৰে সৈতে ১৫৫৫ চনত তীৰ্থস্থানৰ পৰা উভতি আহোঁতে কোচবিহাৰৰ পৰা ৭ কিলোমিটাৰ দূৰৈত পশ্চিমে পাৰলি গছত আঁউজি ভাগৱতৰ কৃষ্ণলীলা বৰ্ণনা কৰাৰ সময়ত শিষ্যসকলে গছৰ ডালত থকা মৌচাকৰ পৰা মৌ পাৰি খাই থাকোঁতে মহাপুৰুষ মাধৱদেৱে কৈছিল,” কি মধুময় পৰিৱেশ,কি পূণ্যভূমি খানি গুৰুমুখে হৰিকথা মধুপান গুৰুভক্তৰ।” মাধৱ দেৱৰ এই প্ৰস্বস্তি শুনি ঠাইখনৰ নাম মধুপুৰ দিলে। মধুপুৰ সত্ৰত স্থায়ীভাৱে বসবাস কৰি ধৰ্মালোচনা আৰু সাহিত্য চৰ্চা কৰি থকাৰ সময়ত আকৌ বামুণসকলে তেওঁৰ বিৰুদ্ধে বিষোদ্গাৰ কৰিবলৈ ধৰিলে। তেতিয়া ৰজা নৰনাৰায়ণে বামুণসকলৰ লগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বাক-বিতণ্ডা কৰিবলৈ নিৰ্দেশ দিলে। বামুণসকলে হাৰিও সৈমান নোহোৱাত এদিন ৰজা নৰনাৰায়ণে বাৰস্কন্ধ ভাগৱতৰ সাৰ দুই দণ্ডৰ ভিতৰত হাতী মাৰি ভৰুকাত ভৰাবলৈ ক’লে। বামুণসকলে বাৰস্কন্ধ ভাগৱত বাৰ মাহেও সম্ভৱ নহয়, একমাত্ৰ ঈশ্বৰৰ দ্বাৰাহে এয়া সম্ভৱ। ৰজাই গুৰুজনাক সোধোতে গুৰুজনাই ক’লে, ” মহাৰাজ যদি ভগৱন্তৰ কৃপা হয়। কাইলৈ পৰা যাব। ” মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মধুপুৰ সত্ৰৰ কীৰ্তন ঘৰত ৰাতিতেই সোমাই বাৰস্কন্ধ ভাগৱতৰ সাৰ ” গুণমালা” নাম দি হাতীৰ ছবি অংকিত ভৰুকাত ভৰাই পিছদিনা ৰাজসভাত আহি ৰজাৰ হাতত অৰ্পন কৰে। ৰজা নৰনাৰায়ণ শঙ্কৰদেৱৰ প্ৰতি মন্ত্ৰ-মুগ্ধ হৈ গুৰুজনাৰ ওচৰত তেওঁ শৰণ লব বিচাৰিলে। যদিও গুৰুজনাই তেওঁক শৰণ দিয়া নাছিল। মধুপুৰ সত্ৰত আড়াই বছৰ থকাৰ সময়তে চিলাৰায়ৰ অনুৰোধক্ৰমে গুৰুজনাই “ৰাম বিজয় নাট”  খন ৰচনা কৰিছিল। তাৰ পাছত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১৫৬৫ চনত ১১৯ ( ১৫৪০ শকৰ ভাদ মাহৰ ২১ তাৰিখে,শুক্লা দ্বিতীয়া তিথিত) বছৰ বয়সত এই ভেলা- মধুপুৰ সত্ৰতেই স্বৰ্গগামী হৈছিল।