মই কণমানি – ছেলিমা বেগম

মই কণমানি 
ছেলিমা বেগম, নগাঁও
মই কণমানি হাত দিলোঁ বিদ্যাৰ সাগৰত
বিদ্যা হ’ল আচল অলঙ্কাৰ ,
নিজকে পিন্ধি থ’ম গোপনে মনৰ ভিতৰত
বিদ্যাক জনালোঁ নমস্কাৰ।
মই কণমানি কথা দিলোঁ শিক্ষা গুৰু সকলক
অক্ষৰে অক্ষৰে পালন কৰিম,
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বাণী মানি চলিম
শিক্ষাৰ মৰ্য্যদা ৰাখিম।
মই কণমানি মন দিলোঁ  দেশৰ উন্নতিৰ ফালে
শান্তি শৃংখলা বজাই থাকিম ,
দ’ল সংগঠন সমূহৰ পৰা দেশখন  বচাই ৰাখিম
শত্ৰু সকলক বহিস্কাৰ কৰিম ।
মই কণমানি শপত লৈছোঁ দেশৰ বাবে শ্বহীদ হ’ম
বীৰ পুৰুষৰ দৰে তেজ দিম,
দেশৰ স্বাধীনতা অটুট ৰাখি মুক্ত মনে উৰিম
স্বাধীন মনে আনন্দত থাকিম।
মই হ’ম বীৰ চিলাৰায়ৰ দৰে জিলিকি থাকিম
ইতিহাসৰ পাতত যুগে যুগে,
মই হ’ম বীৰ লাচিতৰ দৰে  প্ৰতিশ্ৰুতি পালন কৰি
মামাক শিৰচ্ছেদ লগে লগে।
মই হ’ম কনক লতা,মূলা দৰে বন্দুকৰ গুলিক
ভয় নকৰি শ্বহীদ হ’ম ,
নিজ দেশ ৰক্ষাৰ খাতিৰত বুকু ফিন্দাই থিয় দিম
তিনি ৰঙৰ তলত ৰ’ম।