মই অজান দেশলৈ যাওঁগৈ – উদয়ন চেতিয়া

PC - Shutterstock
মই অজান দেশলৈ যাওঁগৈ
 উদয়ন চেতিয়া, ইংৰাজী বিভাগ,
আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় গুৱাহাটী
মা,
মই অজান দেশলৈ যাওঁ
তুমি বেয়া নাপাবা
তোমাক কয় যোৱা নহ’ল।
মা,
তুমি নাকান্দিবা
মই আহিম,
ঘূৰি আহিম
তোমাৰ ওছৰলৈ
তোমাৰ চকুয়ে বৌয় অহা
সেই চকুপানীবোৰ
মুচিবলৈ।
মা,
তুমি ভাগৰি নপৰিবা
এতিয়া যে মই
তোমাৰ ওছৰত নাই বুলি।
থাকিম,
মই সদায়
তোমাৰ ওছৰতে থাকিম
তুমি মাথোঁ নাকান্দিবা।