ভাৰতীয় শ্বাটলাৰ মালবিকাৰ কোৰিয়া অপেন ২০২২ৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ভাৰতীয় শ্বাটলাৰ মালবিকাৰ কোৰিয়া অপেন ২০২২ৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় শ্বাটলাৰ এইচ এছ প্ৰণয় ২০২২ কোৰিয়া অপেন চুপাৰ ৫০০ বেডমিণ্টন টুৰ্ণামেণ্টত পুৰুষৰ একক প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত পৰাজিত হৈছিল। বিশ্বৰ ২৩ নম্বৰ খেলুৱৈগৰাকীয়ে ৪১ মিনিটত মালয়েছিয়াৰ ৭১ তম স্থানপ্ৰাপ্ত চেয়াম জুন ৱেইৰ হাতত ১৭-২১, ৭-২১ত পৰাজিত হয়। ইয়াৰ পূৰ্বে, অবাছাই ভাৰতীয় মালবিকা বনচোদে বিশ্বৰ ২৪ নম্বৰ হান য়ুক ২০-২২, ২২-২০, ২১-১০ ত পৰাস্ত কৰি মহিলা ৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে।