প্ৰাণৰ বহাগ- অৰুণা গোস্বামী

pc the Janambhumi

প্ৰাণৰ বহাগ

চোতাল পালেহি আহি প্ৰাণৰ বহাগ,
ৰঙালীক আদৰাৰ নতুন উছাহ।
বসন্তৰ পৰশত প্ৰকৃতিয়ে সলালে বৰণ,
সেউজীয়া হ’ল গছ-বন,
আনন্দত নাচি উঠে মন।
কুলি,কেতেকীয়ে আহি জুৰিলেহি গীত,
শুৱলা গীতত শাঁত পৰে মন-চিত।
কপৌ ফুলিল আৰু নাহৰ,তগৰ,
ঢুলীয়াই ঢোলত তুলিলে ৰগৰ।
ঢোলৰ ছেৱত আহি নাচনী নাচিলে,
সকলোৱে মিলি বিহু গীতকে জুৰিলে।
পিঠা-পনা, জলপান কৰিলে যোগাৰ,
সকলোৰে আয়োজন এসাঁজ খোৱাৰ।
বহাগ আহিল বুলি কত আয়োজন,
নতুনক আদৰাৰ সাজোন-কাচোন।

অৰুণা গোস্বামী।
তিতাবৰ।