ভাৰতত নতুনকৈ ২,৮৪১ জন লোক কৰ’নাত আক্ৰান্ত  

pc Pixabay

ভাৰতত নতুনকৈ ২,৮৪১ জন লোক কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ২,৮৪১জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৯ জন লোকৰ মৃত্যু হৈছে । কৰ’নাত আক্ৰান্ত হৈ ভাৰতত  মৃত্যু হোৱা  মুঠ লোকৰ সংখ্যা ৫,২৪,১৯০ জনলৈ বৃদ্ধি হৈছে।ভাৰতত বৰ্তমান  ১৮,৬০৪ টা সক্ৰিয় ঘটনা আছে।