ভাইৰেল হৈ পৰিছে এগৰাকী প্ৰশাসনিক বিষয়াৰ কৰ্ম-সংস্কৃতিৰ নিদৰ্শন

ভাইৰেল হৈ পৰিছে এগৰাকী প্ৰশাসনিক বিষয়াৰ কৰ্ম-সংস্কৃতিৰ নিদৰ্শন

ৰঙিলী বাৰ্ত্তাসেৱা-  ছচিয়েল মিডিয়াত ৰেড কাৰ্পেটৰ চৰ্চাৰ সময়তেই ফেচবুকত ভাইৰেল হৈছে কেইখনমান ফটো।ভাইৰেল হৈ পৰিছে এগৰাকী প্ৰশাসনিক বিষয়াৰ কৰ্ম-সংস্কৃতিৰ নিদৰ্শন।প্ৰশাসনিক বিষয়াগৰাকী হৈছে কাছাৰৰ জিলা উপায়ুক্ত কীৰ্তি জাল্লি।দুৰ্যোগৰ সময়ত দুৰ্গতৰ কাষত থিয় হৈ কাছাৰৰ উপায়ুক্ত কীৰ্তি জাল্লিয়ে দেখুৱালে কৰ্ম-সংস্কৃতিৰ নিদৰ্শন।বোকা-পানী গছকি নাৱত বানপীড়িত এলেকাৰ বুজ লোৱা উপায়ুক্তগৰাকীৰ ফটো বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।উপায়ুক্ত গৰাকীয়ে বান পীড়িত এলেকাৰ পৰিস্থিতি বুজ লবৰ বাবে বোকা-পানীয়ে খোজ কাঢ়ি আন্তৰিকতাৰে নিজ কাৰ্য পালন কৰি গৈছে।খালি ভৰিৰে বোকাত খোজ কাঢ়ি বানাক্ৰান্তৰ খবৰ লোৱা ফটোয়ে ফেচবুকত চৰ্চা লাভ কৰিছে।উল্লেখযোগ্য যে,ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জাল্লিয়ে কৰ’না মহামাৰীৰ সময়ত নিজৰ বিবাহৰ বাবেও এদিনৰো ছুটি লোৱা নাছিল। দৰাক চৰকাৰী কোৱাৰ্টাৰলৈকে মাতি আনি বিয়াত বহিছিল।উপায়ুক্ত হোৱাৰ পিছতো তেওঁৰ এনে আন্তৰিকতাই সকলোৰা মন জয় কৰিছে।