বৰভুঁইকপে জোকাৰি গ’ল নেপালক

ৰঙিলী বাৰ্ত্তাসেৱা-  বুধবাৰে পুৱতি নিশা নেপালত ৬.৩ প্ৰাবল্যৰ ভূমিকম্প ঘনীভূত হয়। যাৰ ফলত ৬ জন লোকৰ মৃত্যু হয়। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, পুৱা প্ৰায় ১:৫৭ বজাত নেপালত ১০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ উৎপত্তি হয়। এই ভূমিকম্পৰ জোকাৰণি দেশৰ ৰাজধানী নতুন দিল্লী, উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলত ঘনীভূত হৈছে। ইপিনে, ঘৰৰ দেৱাল ভাঙি নিহত হোৱা সকলৰ ভিতৰত এগৰাকী মহিলা আৰু দুটা শিশু আছে। বৰ্তমান, নেপাল সেনাক অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাবলৈ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত একত্ৰিত কৰা হৈছে।