বৰক্ষেত্ৰীৰ ঘোগাত ড্ৰাগছৰ বিৰুদ্ধে নলবাৰী আৰক্ষীৰ অভিযান

Pc- Medical News Today

বৰক্ষেত্ৰীৰ ঘোগাত ড্ৰাগছৰ বিৰুদ্ধে নলবাৰী আৰক্ষীৰ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰক্ষেত্ৰীৰ ২নং ঘোগাত নলবাৰী আৰক্ষী থানাৰ মহিলা উপ পৰিদৰ্শক আধুনিকা বৰুৱাৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দল এটিয়ে অভিযান চলাই ৰমজান আলীৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু অবৈধভাৱে মজুত ৰখা কফছিৰাপ জব্দ কৰে। যোৱা ২৪ অক্টোবৰত নলবাৰী আৰক্ষীয়ে জাকিৰ আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক নলবাৰীত নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰিছিল।ধৃত ড্ৰাগছ সৰবৰাহকাৰী জাকিৰ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিতে নলবাৰী আৰক্ষীৰ মহিলা উপ-পৰিদৰ্শক আধুনিকা বৰুৱাই  মুকালমুৱা থানাৰ ঘোগাত স্থানীয় গাঁওবুঢ়াক লগত লৈ ৰমজান আলীৰ বাসগৃহত অভিযান চলায় ১৪৪০টা টেবলেট আৰু ১২০টা নিচাজাতীয় ঔষধৰ বটল জব্দ কৰে। আৰক্ষী অহাৰ উমান পাই ৰমজান আলীয়ে পলায়ন কৰে।