বড়িবজাৰত দুই লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক ট্ৰাকৰ চালক
আদিলুৰ ৰহমান ,টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ ৰাজ্যতে দীৰ্ঘদিনৰে পৰা আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহন কৰি আহিছে যদিও অসাধু চক্ৰই আৰক্ষীৰ দুৰ্বলতাৰ অচিলা লৈ গোপনে চলাই আহিছে ড্ৰাগছৰ বেহা। আনকি আৰক্ষীৰ কঠোৰ স্থিতিৰ বাবেই অসাধু চক্ৰই নিত্য নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে আজি নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তবৰ্তী বড়িবজাৰ আৰক্ষী পহৰা চকীৰ এলেকাধীন পাৰলীগুড়িত বুজন পৰিমাণৰ ড্ৰাগছসহ এজন ট্ৰাক চালক আৰক্ষীৰ জালত পৰা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আচলতে, এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে পথৰ কাষৰ এঘৰত চাৰিদিন পূৰ্বৰে পৰা ৰখাই থোৱা এ এছ-০১-জি চি ২৫২২ নম্বৰৰ এখন বাৰ চকীয়া মালবাহী ট্ৰাকৰ পৰা ট্ৰিপালেৰে লুকুৱাই থোৱা দুটা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে আৰক্ষীয়ে ট্ৰাকখনৰ চালক পাৰলীগুড়িৰ সুৰুজ আলীক কৰায়ত্ত কৰে ৷ উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ মূল্য দুই লক্ষাধিক টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। সম্প্ৰতি ধৃত ট্ৰাক চালক সুৰুজ আলীক অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।