ব্ৰইলাৰ মাংস খালে মানুহ ৰুগীয়া হয় নেকি

Pc News18 Bengali News

ব্ৰইলাৰ মাংস খালে মানুহ ৰুগীয়া হয় নেকি

ৰঙিলী বাৰ্ত্তাসেৱা-  আপুনি ব্ৰইলাৰ মাংস খাই ভাল পাই নেকি?ব্রইলাৰ মাংস সম্পৰ্কে কিছুমান ব্যক্তিয়ে সামাজিক মাধ্যম যোগে কিছুমান ভ্রান্ত ধাৰণা জনসাধাৰণৰ মাজত বিয়পাই দিয়া পৰিলক্ষিত হৈছে। এইধৰণৰ অপপ্রচাৰত সমাজৰ মধ্যবিত্ত শ্রেণী আৰু নিম্ন আয়ৰ লোকসকল বেছি ক্ষতিগ্রস্ত হ’ব ।জানেনে ব্ৰইলাৰ মাংস শৰীৰৰ বাবে উপকাৰী নে অপকাৰী? কিছুমান লোকে প্রচাৰ কৰাৰ দৰে “ব্রইলাৰ মাংস খোৱাটো এণ্টিবায়’টিক আৰু হৰম’ন ইনজেকচন লোৱাৰ সমতুল্য” বোলা কথাষাৰিৰ কোনো গৱেষণা লব্ধ সত্যতা নাই।বৰং ই অনুমানৰ ওপৰত ভিত্তি কৰি চলোৱা এক অপপ্রচাৰহে।ব্রইলাৰ কুকুৰাৰ শাৰীৰিক বৃদ্ধিৰ বাবে কোনো ধৰণৰ হৰম’ন ব্যৱহাৰ কৰা নহয়। ব্রইলাৰ কুকুৰাৰ দ্রুত শাৰীৰিক বৃদ্ধিৰ মুখ্য কাৰণ হ’ল ই বহন কৰা আনুবংশিক (genetic) বৈশিষ্ট্য যিটো ই বংশগতভাৱে লাভ কৰে।কোনো উৎপাদকে ব্রইলাৰ কুকুৰাৰ খাদ্যত এণ্টিবায়’টিক ব্যৱহাৰ কৰিলেও প্রতিটো ব্রইলাৰ কুকুৰাৰ ভাগত পৰা এণ্টিবায়’টিকৰ পৰিমাণ ইমানেই নগণ্য যে ব্রইলাৰ মাংস ভক্ষণ কৰাটো এণ্টিবায়’টিক বেজী এটি লোৱাৰ সমতুল্য বুলি কিছুমান লোকে কৰা দাবী কোনোপধ্যেই যুক্তিসংগত নহ’য়। এণ্টিবায়’টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ নূন্যতম দহদিন পিছতহে ব্রইলাৰ কুকুৰাবোৰ বজাৰলৈ মুকলি কৰি দিয়াৰ নিয়ম যাক উইথড্রৱেল পিৰিয়ড (withdrawal period) বুলি কোৱা হয়।উইথড্রৱেল পিৰিয়ডৰ পিছত জীৱ-জন্তুৰ শৰীৰত থকা এণ্টিবায়’টিকৰ অৱশিষ্ট অংশৰ বেক্টেৰিয়াৰ ওপৰত ক্রিয়া কৰাৰ ক্ষমতা বহু হাজাৰ গুণে কমি যায় অথবা কোনো প্রকাৰেই ক্রিয়া কৰিব নোৱাৰে।গতিকে এইটো প্রমাণিত হৈছে যে ব্রইলাৰ মাংসত থকা এণ্টিবায়’টিকৰ অৱশিষ্ট অংশই প্রত্যক্ষভাৱে মানুহৰ একো অনিষ্ট সাধন নকৰে।সম্প্রতি এণ্টিবায়’টিক প্রতিৰোধী বেক্টেৰিয়াৰ সৃষ্টি প্রতিহত কৰিবলৈ ব্রইলাৰ কুকুৰাৰ খাদ্যত এণ্টিবায়’টিকৰ সলনি প্র’বায়’টিক (probiotic) আৰু প্রিবায়’টিক (prebiotic) ব্যৱহাৰ কৰা হয়। প্র’বায়’টিক হৈছে এটা বা ততোধিক জীৱিত অণুজীৱৰ কৰ্ষণ (culture), যিবোৰে জীৱ-জন্তুৰ অন্ত্রত (intestine) থিতাপি লৈ এই পোষক (host) প্রাণীটোৰ উপকাৰ সাধন কৰে৷প্র’বায়’টিকবোৰ সাধাৰণতে ব্রইলাৰ কুকুৰাৰ খাদ্যৰ লগত মিহলি কৰি দিয়া হয় আৰু ই ব্রইলাৰ কুকুৰাৰ শাৰীৰিক বৃদ্ধিত যথেষ্ট সহায় কৰাৰ লগতে বেমাৰ প্রতিৰোধ ক্ষমতাও বঢ়ায়। আনহাতে প্রিবায়’টিকবোৰ হৈছে কাৰ্ব’হাইড্রেট জাতীয় খাদ্য যিবোৰে অন্ত্রত থকা উপকাৰী বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰাৰ লগতে আন অপকাৰী বেক্টেৰিয়াৰ বৃদ্ধিত বাধা প্রদান কৰে।গতিকে দেখা গৈছে যে এণ্টিবায়’টিকৰ বিকল্প হিচাবে ব্যৱহাৰ কৰা প্র’বায়’টিক আৰু প্রিবায়’টিকে ব্রইলাৰ কুকুৰাৰ শাৰীৰিক বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে বেমাৰ প্রতিৰোধ ক্ষমতাও বঢ়ায় বা বেমাৰ-আজাৰৰ পৰাও সুৰক্ষিত কৰি ৰাখে।জুই বা আঙঠাত সেকি বা পুৰি খোৱা যিকোনো খাদ্যবস্তু স্বাস্থ্যৰ বাবে হানিকাৰক, লাগিলে সেইটো ব্রইলাৰ মাংসই হওঁক বা আন কোনো খাদ্যবস্তুই হওঁক।গতিকে ইয়াৰ বাবে ব্রইলাৰ মাংসক জগৰীয়া কৰাৰ কোনো যুক্তি নাই।কিছুমান লোকে প্রচাৰ কৰাৰ দৰে ব্রইলাৰ মাংস খালে প্র’ষ্টেট কেনচাৰ হোৱাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই বা এতিয়ালৈকে কোনো গৱেষকে ইয়াৰ সত্যতা প্রমাণ কৰিব পৰা নাই।সামাজিক মাধ্যমত আন একাংশ লোকে প্রচাৰ কৰা পৰিলক্ষিত হৈছে যে ব্রইলাৰ মাংস খালে মানুহৰ সন্তান জন্ম দিয়া ক্ষমতা লোপ পায়, কাৰণ ব্রইলাৰ মাংসত থকা ৰাসায়নিক পদাৰ্থবোৰে পুৰুষৰ শুক্রাণু ধ্বংস কৰে।কিন্তু এইবিলাক মনেসজা প্রচাৰ মাত্র।(বি দ্ৰঃউক্ত তথ্য সমূহ পশু চিকিৎসা বিষয়া ডাঃ মিনতি দাসৰ লেখনিৰ পৰা সংগ্ৰহ কৰা হৈছে।)