‘অগ্নিপথ’ আঁচনিৰ বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰ

Pc The Janambhumi

‘অগ্নিপথ’ আঁচনিৰ বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় চৰকাৰৰ “অগ্নিপথ” আঁচনিৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ বিপৰীতে টিংখাঙৰ দিৰৈ বাগান খেলপথাৰত ‘অগ্নিপথ’ আঁচনিৰ বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰ।অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ উদ্যোগত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, টিংখাং স্পৰ্টছ এছোচিয়েচন, কৰ্মৰত সৈনিক আৰু প্ৰাক্তন সৈনিকৰ সহযোগত যুৱক-যুৱতীক অগ্নিপথত অন্তৰ্ভুক্তিৰ বাবে সহায়ক হোৱাকৈ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে। “অগ্নিবীৰ” হ’বলৈ বিচৰা যুৱক-যুৱতীসকলে ইতিমধ্যে সফলতা অৰ্জনৰ বাবে কঠোৰ অনুশীলন আৰম্ভ কৰিছে।ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা যুৱক-যুৱতীক প্ৰশিক্ষণ দিছে সেনা জোৱান আৰু প্ৰাক্তন সেনা জোৱানসকলে ।’অগ্নিপথ’ আঁচনিৰ বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰত আজি উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।এই প্ৰশিক্ষণৰ যোগেদি যথেষ্ট সংখ্যক যুৱক-যুৱতীক অগ্নিবীৰ হোৱাত সহায়ক হ’ব বুলি অনুষ্ঠানত উপস্থিত থাকি কেবিনেট মন্ত্ৰী বিমল বৰা তথা আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই মন্তব্য আগবঢ়ায়।