অনলাইন বাৰ্ত্তাসেৱা – মঙলবাৰে সফলতাৰে মহাকাশলৈ উৰা মাৰি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি জেফ বেজোছে কয়, “মই প্ৰতিজন এমাজনৰ কৰ্মচাৰী আৰু প্ৰতিজন এমাজনৰ গ্ৰাহকক ধন্যবাদ জনাব বিচাৰো কাৰণ এই সকলোবোৰৰ বাবে পৰিশোধ কৰিছিল আপোনালোকে।” তেওঁ লগতে কয়, “গুৰুত্বসহকাৰে, এমাজনৰ প্ৰতিজন গ্ৰাহক আৰু তাত থকা প্ৰতিজন এমাজনৰ কৰ্মচাৰীৰ বাবে, মোৰ অন্তৰৰ পৰা আপোনালোকক ধন্যবাদ।” বেজোছে ব্লু অৰিজিন অভিযন্তাসকলকো ধন্যবাদ জনায়।
(UD.)