মধ্য অসমৰ পাঁচখন জিলাৰ সেনাবাহিনীৰ প্ৰৱেশ পৰীক্ষা শ্বিলঙত ২৫ জুলাইত অনুষ্ঠিত হ’ব

pc- CareerIndia

মধ্য অসমৰ পাঁচখন জিলাৰ সেনাবাহিনীৰ প্ৰৱেশ পৰীক্ষা শ্বিলঙত ২৫ জুলাইত অনুষ্ঠিত হ’ব

অনলাইল বাৰ্ত্তাসেৱা– মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ হেপীভেলীত থকা আসাম ৰেজিমেণ্টেল চেণ্টাৰত ভাৰতীয় সেনা বাহিনীৰ মৰিয়নীত হৈ যোৱা নিযুক্তি সমাৰোহত যোগ্যতা অৰ্জন কৰা মধ্য অসমৰ পাঁচখন জিলা ক্ৰমে হোজাই, নগাঁও, শোণিতপুৰ, বিশ্বনাথ আৰু মৰিগাঁৱৰ প্ৰাৰ্থীসকলৰ লিখিত পৰীক্ষা ২৫ জুলাইত অনুষ্ঠিত হ’ব। প্ৰতিৰক্ষা বিভাগৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে ২৫ জুলাইত পুৱা প্ত বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সামূহিক প্ৰৱেশ পৰীক্ষাত যিসকল প্ৰাৰ্থী অৱতীৰ্ণ হ’ব তেওঁলোকক কোভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে নিজ নিজ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ জৰিয়তে আন্তঃৰাজ্যিক যাতায়তৰ বাবে ই-পাছৰ ব্যৱস্থা কৰা হ’ব। প্ৰাৰ্থীসকলক পূৰ্বতে ২৫ এপ্ৰিলত প্ৰদান কৰা এডমিট কাৰ্ডৰ জৰিয়তে জিলা উপায়ুক্ত অথবা আৰক্ষী অধীক্ষকলৈ আবেদন কৰি শ্বিলঙত সামূহিক লিখিত প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে ই-পাছ সংগ্ৰহ কৰিবলৈ আহ্বান জনোৱা হৈছে।

(R.T)