বিশ্বব্যাপী  ৪ নিযুত নতুন কৰʼনা সংক্ৰমণৰ ঘটনা যোৱা সপ্তাহত ঘটিছে- বিশ্ব স্বাস্থ্য সংস্থা

pc-BBC

বিশ্বব্যাপী  ৪ নিযুত নতুন কৰʼনা সংক্ৰমণৰ ঘটনা যোৱা সপ্তাহত ঘটিছে- বিশ্ব স্বাস্থ্য সংস্থা

অনলাইন বাৰ্ত্তাসেৱা– ভাৰতবৰ্ষত আজিৰ দিনটোত কৰʼনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৩০.৫ শতাংশ নথিভুক্ত হৈছে।যোৱা ২৪ ঘণ্টাত দেশত ৪২,৬২৫ টা নতুন কোভিড-১৯ সংক্ৰমণ ধৰা পৰিছে বুলি স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰে। যোৱা ২৪ ঘণ্টাত  কোভিডত আক্ৰন্ত হৈ ৫৬২ জন লোকৰ মৃত্যু  ঘটিছে আৰু ইয়াৰ লগতে  মৃত্যুৰ সংখ্যা ৫০০ৰ সীমা অতিক্ৰম কৰিছে। বৰ্তমান ভাৰতত  কৰʼনা সংক্ৰমণৰ  সক্ৰিয় ঘটনা ৪,১০,৩৫৩ টা । কৰʼনা সংক্ৰমণৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা নতুনকৈ আক্ৰন্ত হোৱা ঘটনাৰ সংখ্যাতকৈ কম । চৰকাৰী তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৩৬,৬৬৮ জন লোক সুস্থ হৈ উঠিছে।

(R.T)