“কেতিয়া উন্নত হ’ব চাহ বাগিচাৰ ভিতৰচৰা সেউজ সুন্দৰ বাগিচা আৰু ইয়াৰ ভিতৰচৰা” – মানসী মিশ্ৰ

pc EastMojo

          ভাৰতৰ পূৰ্বদিশত সূৰ্য উঠা দেশ। প্ৰকৃতি ৰাণীয়ে কোনো কাৰ্পণ্য নকৰাকৈয়ে সৌন্দৰ্য্য সুষমাৰে ওপচাই দিছে আমাৰ ৰাজ্যখনক। পাহাৰ-পৰ্বত, নৈ-নিজৰা, বিস্তৃত সেউজভূমি, বহল ধাননি পথাৰ কি নাই আমাৰ ৰাজ্যখনত। ইয়াৰ মাজতে বিস্তৃত ভূমিয়ে আগুৰি ৰখা সেউজ চাহবাগিছা সমূহে সোণত সুৱগা চৰাইছে। সউজীয়া চাহবাগিচাৰ গছবোৰলৈ চালে দুচকু পৰি যায়।  সেই সেউজ ভূমিৰ মাজতে আছে একোখন বৃহত্তৰ সমাজ। এই লোকসকলে দিনৰ দিনটো অক্লান্ত পৰিশ্ৰম কৰি কেঁচা সোণ উৎপাদন  কৰি আছে। অসমৰ চাহ মানেই যেন কেঁচা সোণ। এই কেঁচাসোণ বিদেশলৈ ৰপ্তানি হয়। ৰাজ্যৰ অৰ্থনীতিত এই চাহখেতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। চাহবাগিছাখনৰ গুৰি ধৰোঁতা, সেউজসুন্দৰ কৰি ৰখা এই চাহজনগোষ্ঠীসকলৰ কৃষ্টি সংস্কৃতিৰে বাগিছাখন জীপাল হৈ থাকে। শান্ত, মৰ্মাহিত শ্ৰমিকসকলে দিনৰ দিনটো কঠোৰ পৰিশ্ৰম কৰি আহি নিজৰ প্ৰাণ জুৰাবলৈ বিভিন্ন নৃত্য-গীত পৰিৱেশন কৰে। এইদৰে কৰ্মব্যস্ততা কিছু আনন্দ-বিনোদনৰ মাজেদি পাৰ হৈ গৈ থাকে একো-একোটা দিনৰ জীৱনশৈলী। কিন্তু চাহবাগানৰ এই সেউজভূমি মাজে মাজে মানৱতাৰ বধ্যভূমিত পৰিণত হোৱা দেখা যায়। সেউজীয়া চাহগাছ আৰু শিৰিষ গছৰ মাজে মাজে যেন কান্দোনৰ ৰোল হে শুনিবলৈ পায় মানুহে। বিগত কেইটামান বছৰ ধৰি চাহবাগানৰ  ভাতৰত এনেধৰনৰ মাৰাত্মক ঘটনা সংঘটিত হৈ আহিছে। জানুৱাৰী মাহতেই ডুমডুমাৰ এখন চাহবাগিছাত এক লৌমহৰ্ষক ঘটনা সংঘটিত হৈ যায়। বৰ্বৰতাৰে এটি পৰিয়ালৰ তিনিজন লোককে হত্যা কৰা হয়। এনে ধৰণৰ বহু বৰ্বৰ, নিষ্ঠুৰ ঘটনা সংঘটিত হৈ আহিছে। ক’ৰবাত চাহশ্ৰমিক সকলে মানি নোলোৱাৰ বাবে বাগিছাৰ পৰিচালক, পৰিচালকৰ পুত্ৰই জুই লগাই দি বৰ্বৰভাৱে হত্যা কৰিছে। কোভিড-১৯ মহামাৰীয়ে আমাৰ ৰাজ্যত সন্ত্ৰাস চলাই থকাৰ মাজতে বাগিছাৰ সেউজ সৌন্দৰ্য্য ল’বলৈ অহা এজন নিৰিহ যুৱকক চাবুৱাৰ এখন বাগিছাত এদল উন্মাদ শ্ৰমিকে বন্যজন্তুৰ দৰে কোবোই কোবোই হত্যা কৰে। নিজৰ দেউতাক-ভনীয়েকে ঘটনাস্থলীত উপস্থিত হৈ শ্ৰমিকৰ দলটোক কাতৰ অনুৰোধ কৰিছিল যদিও তেওঁলোকৰ সন্মুখতে পুত্ৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলাইছিল। যোৰহাতৰ টীয়ক চাহবাগিছাত ডা০ দেবেন দত্ত নামৰ মানৱদৰদী বৰ্ষীয়ান চিকিৎসকজনক অতি বৰ্বৰভাৱে হত্যা কৰা ঘটনা সঁচাকৈয়ে হৃদয়বিদাৰক আছিল আৰু ৰাজ্যৰ হৃদয়বান, বিবেকবান ৰাইজে এই হত্যাকাণ্ডৰ ভয়াবহতাৰ কথা পাহৰিব পৰা নাই। যিজন ব্যক্তি মানৱতাৰ আদাৰস্বৰূপ, পয়সত্তৰ বছৰ বয়সতো বিনাবেতনে বাগিছাত চিকিৎসা সেৱা আগবঢ়াই থৈ গৈছিল, সেইজন মানৱদৰদী ব্যক্তিকে এদল উন্মত্ত চাহ শ্ৰমিকে এজন মূমূৰ্ষ অৱস্থাৰ ৰোগীক চিকিৎসালয়লৈ অনাৰ পিছত মৃত্যু হোৱাৰ কথাটোকে কেন্দ্ৰ কৰি বাঁহ, কাঠেৰে কোবাই কোবাই অতি নৃশংসভাৱে হত্যা কৰিছিল। সেই অন্তিম মূহুৰ্তত এটুপি পানী বিচাৰোতেও এটুপি পানী দিবলৈও কোনেও আগবাঢ়ি অহা নাছিল। এনেধৰণৰ বহু ঘটনা চাহবাগান এলেকাত সঘনাই সংঘটিত হৈ থাকে। সামান্য কথাতে মানুহৰ প্ৰাণ কাঢ়ি লোৱা ঘটনা কেইবাবাৰো সংঘটিত হৈ গৈছে। ডাইনী সন্দেহত কেইবাটাও বৰ্বৰ হত্যাকাণ্ড সংঘটিত হৈছে। চাহবাগানৰ এলেকাসমূহত। একবিংশ শতিকাতো মধ্যযুগীয় ধ্যান ধাৰণাৰে পৰিপূৰ্ণ হৈ আছে। চাহবাগানৰ ভিতৰচৰা। কোনো বেমাৰ হ’লে, দূৰ্ঘটনা আদি হ’লে বাগানৰ বহুমানুহে ধৰি লয় যে ডাইনীৰ কু প্ৰভাৱত এনে ঘটনা সংঘটিত হৈছে। ডাইনী সন্দেহ কৰিয়ে এচাম নিৰিহ ব্যক্তিৰ ওপৰত বৰ্বৰ শাৰীৰিক, মানসিক উৎপীড়ন চলায়। কেইটামান বছৰ আগতে বিশ্বনাথৰ “শাকোমাই” চাহবাগিছাত ডইনীৰ মিছা সন্দেহত আঠ গৰাকী ব্যক্তিৰ মুণ্ডচ্ছেদন কৰি হত্যা কৰা হৈছিল।সেই হৃহয় বিদাৰক ঘটনাৰ স্মৃতি অসমৰ ৰাইজে আজিও পাহৰিব পৰা নাই। প্ৰতিটো বৰ্ষতে ডাইনী সন্দেহত অতি কমেও দুই তিনিটা ঘটনা সংঘটিত হয়। বেমাৰ-আজাৰ হ’লে বেজ-বেজালি, জৰা-ফুকা আদিতো আছেই। এইসকল লোকে একবিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তিৰ দিনতো বিজ্ঞান মনষ্ক হৈ উঠিব পৰা নাই।

          চাহবাগিছাৰ অতি অপৰিস্কাৰ পৰিৱেশত বাস কৰে তেওঁলোকে। সেয়েহে খুব সহজে সোঁচৰা ব্যাদিৰ দ্বাৰা সংক্ৰমিত হয় এই লোকসকল। ডায়েৰীয়া, মেলেৰীয়া, যক্ষ্মা, এনকেফেলাইটিছ, কৃমি, জণ্ডীছ আদি ৰোগৰ সংক্ৰমণ বেছি এই বাগান এলেকাসমূহত। বেমাৰ হ’লে চিকিৎসকৰ ওচৰলৈ নিয়াৰ পৰিবৰ্ত্তে জৰা-ফুকা, বেজ-বেজালি আদি আৰম্ভ কৰি দিয়া হয়। বেমাৰ বেছি হৈ আহিলে অথবা মূমূৰ্ষ অৱস্থা আহি পৰিলেহে ৰোগীজনক চিকিৎসকৰ ওচৰলৈ লৈ যায়। ৰোগাজন কেনেবাকৈ সুস্থ হৈ নুথিলে আকৌ চিকিৎসালয়ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃস্থি কৰে এইসকল লোকে। চিকিৎসালয়ত মূল্যবান আচবাব নষ্ট কৰাকে ধৰি চিকিৎসকক শাৰীৰি অত্যাচাৰ আনকি হত্যা কৰাৰ দৰে নিষ্ঠুৰ ঘটনাও ঘটি গৈছে আমাৰ সমাজৰ এই লোকসকলৰ মাজতে। বৰ্তমানৰ উন্নত চিকিৎসা সেৱাৰ দিনতো অধিকাংশ গৰ্ভাৱতী মহিলাই ঘৰতে সন্তান প্ৰসৱ কৰে আনকি গৰ্ভৱতী অৱস্থাত লবলগীয়া সাৱধানতা সমূহো ঠিকমতে নলয়। এইবোৰ কাৰণতেই বাগান এলেকাত গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ মৃত্যুৰ হাৰ বেছি। ছোৱালীসকলক অত্যন্ত কম বয়সতে বিয়া আৰু অপৈণত বয়সতে একাধিক সন্তানৰ মাতৃ হয়। মানসিক পৰিপক্কতা, শাৰীৰিক পৰিপক্কতা নথকাৰ বাবেই এই কম বয়সতে একাধিক সন্তানৰ মাতৃ হয় আৰু নানা ৰোগ ব্যাধিৰ দ্বাৰাও আক্ৰান্ত হয়। শাৰীৰিক মানসিক পৰিপক্কতা নথকাৰ বাবেই নিজৰ সন্তানকো যথোপযুক্তভাৱে প্ৰতিপালন কৰিব নোৱাৰে। নিজৰ ঘৰ গৃগস্থালি ভালদৰে চম্ভালিব নোৱাৰে। এইবাবেই বাগান এলেকা সমূহত ঘৰুৱা হিংসা, হাই কাজিয়াৰ মাত্ৰা অত্যাধিক হয়। বাগান এলেকাসমূহত শিক্ষা, সজাগতা দুয়োতাৰে যথেষ্ট অভাৱ। শিক্ষাৰ ক্ষেত্ৰত প্ৰায়ভাগ মানুহেই পিছপৰা। স্ত্ৰী শিক্ষাৰ গুৰুত্ব একেবাৰে কম বাগান এলেকাসমূহত। কন্যাশিত, কিশোৰীসকলক উন্নয়নৰ নিমিত্তে বিভিন্ন চৰকাৰী আঁচনিয়ে কেনে প্ৰভাৱ পেলাব পৰা নাই। কন্যাশিত, কিশোৰীসকল ঘৰৰ কাম-কাজতেই ব্যস্ত থাকে আৰু মাক-দেউতাকে বাগানত পাত তুলিবলৈ ওলাই যোৱাৰ পিছত ঘৰত থকা ভাই-ভনীসকলে ইজনে-সিজনক চোৱাচিতাৰ দ্বায়িত্ব লয় বিশেষকৈ কিশোৰীসকলে কণমাণি ভাই-ভনীসকলক চোৱাচিতা কৰে। এইদৰে এন্ধাৰৰ মাজতে পাৰ হৈ যায় এইসকল ছোৱালীৰ সোণালী শৈশৱ আৰু মদুৰ কৈশোৰ কাল। বহু পিতৃ-মাতৃয়ে আকৌ গাভৰু ছোৱালী ঘৰত ৰখাটো বিপদ বুলি ভাবি কৈশোৰ কালত ছোৱালীসকলক বিয়া দি দিয়ে ফলত কোমল বয়সতে সংসাৰৰ গধুৰ দ্বায়িত্ব কাণ্ড পাতি লব লগীয়া হয়। এই সকলোৰে মূলতে হৈছে পিতৃ-মাতৃ / অভিভাৱক সকলৰ শিক্ষা স্বাস্থ আদিৰ ক্ষেত্ৰত সজাগতাৰ সম্পূৰ্ণ অভাৱ বাল্যবিবাহ নিৰ্মূলকৰণ আইনল শিশুশ্ৰমিক প্ৰতিৰোধ আইন, ঘৰুৱা হিংসা প্ৰতিৰোধ আইন আদি কেতিয়াবাই বলবৎ হৈছে যদিও বাগান এলেকাৰ লোকৰ কোনে সজাগতা নাই। ২০০৯ বৰ্ষতে বিনামূলীয়া আৰু বাধ্যতামূলক আৰু শিশু শিক্ষাৰ অধিকাৰ আইন বলবৎ কৰা হৈছিল যদিও চাহবাগিছাৰ লোকসকলক ঢুকি পাব পৰা নাই। শিক্ষাৰ ব্যৱস্থাটো ভাল নোহোৱাৰ বাবেই এই চাহবাগান এলেকাৰ লোকসকলৰ মাজত অন্ধবিশ্বাস, কু সংস্কাৰ আদি যথেষ্ট বেছি। এই বাগান এলেকাৰ পৰাই কেইবাজনো জন প্ৰতিনিধি আছে। চাহবাগানৰ জনগণৰ কল্যাণৰ হকে আছুতীয়া পূঁজিৰ ব্যৱস্থা আছে। কিন্তু দৰাচলতে তেওলোকৰ কল্যাণৰ নামত কি হৈ আছে সেয়া সন্দেহৰ বিষয়। শিক্ষা, স্বাস্থ, আইনী সজাগতা এই সকলো দিশত বাগান এলেকাৰ লোকসকল যথেষ্ট পিছ পৰিয়ে আছে। অপ্ৰিয় হলেও সত্য যে দশকৰ পিছত দশক ধৰি ৰাজনৈতিক লোকসকলে চাহজনগোষ্ঠীৰ লোকসকলক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। ভোট বেংক হেৰুৱাই বুলিয়ে অধিকাংশ লোকে চাহজনগোষ্ঠীৰ লোকসকল সজাগ হোৱাটো নিবাচাৰে। সেইবাবে তেওঁলোকৰ কল্যাণৰ নিমিত্তে গৃহীত পূঁজিসমূহৰ সঠিক ব্যৱহাৰ নহয়। সেয়েহে দশকৰ পিছত দশক ধৰি চাহ জনগোষ্ঠীৰ লোকসকলৰ স্থিতি একেই আছে। এই লোক সকলৰ মাজত সেইবাবেই সঘনাই হাইকাজিয়া, বিভিন্নধৰণৰ  হত্যাকাণ্ড, ডাইনীৰ দৰে অন্ধবিশ্বাসৰ নামত হত্যাকাণ্ড আদি সংঘটিত হৈয়ে থাকে। কেৱল ভোট লাভৰ আশা কৰিয়ে আজিৰ একবিংশ শতিকাতো এই লোকসকল ইমান পিছ পৰি ৰোৱাটো আমাৰ চৰকাৰৰ এক অবিবেচক সিদ্ধান্ত বুলি নিঃসন্দেহে ক’ব পাৰি। আমি যদিহে এই বৃহৎ চাহ জনগোষ্ঠীৰ লোকসকলৰ সমাজৰ মূলসূঁতিলৈ অনাৰ ব্যৱস্থা কৰিব নোৱাৰো তেতিয়াহ’লে আমি বিকশিত অসমৰ কথা ক’লেও কোনো লাভালাভ নহ’ব। কেৱল কল্যাণকামী সংস্থাকেইটা মানেই চাহজনগোষ্ঠীৰ উন্নয়ন সম্ভ কৰিব নোৱাৰে। চৰকাৰখনে ভিন্ন পদক্ষেপৰ মাজেদি আগবাঢ়ি আহিব লাগিব চাহজনগোষ্ঠীৰ লোকসকলৰ মূল সূঁতিকৰণ কৰিবলৈ।

 

ফোনঃ ৯৪৩৫৩০৯২৭৯