বিনামূলীয়া নামভৰ্তিৰ বাবে প্রধান শিক্ষক-অধ্যক্ষই প্ৰদান কৰিব প্রয়োজনীয় উপাৰ্জনৰ প্ৰমাণ-পত্ৰ

pc The Indian Wire

বিনামূলীয়া নামভৰ্তিৰ বাবে প্রধান শিক্ষক-অধ্যক্ষই প্ৰদান কৰিব প্রয়োজনীয় উপাৰ্জনৰ প্ৰমাণ-পত্ৰ

অনলাইন বাৰ্ত্তাসেৱা – উচ্চ শিক্ষা বিভাগে শিক্ষানুষ্ঠানৰ অধ্যক্ষ অথবা প্রধান শিক্ষকে শিক্ষানুষ্ঠানসমূহত বিনামূলীয়া নামভৰ্তিৰ বাবে প্রয়োজনীয় উপাৰ্জনৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰিব পাৰিব বুলি কয়। চলিত বৰ্ষৰ নামভৰ্তিৰ প্ৰাক্‌ক্ষণত উপাৰ্জনৰ প্ৰমাণ-পত্ৰ বিচাৰি একাংশ শিক্ষার্থীয়ে হাহাকাৰ কৰিবলগীয়া হোৱাৰ পিছতে উচ্চ শিক্ষা বিভাগে এই নিৰ্দেশনা প্রদান কৰে।  এই নতুন নির্দেশনা অনুসৰি মাচুল ৰেহাইৰ আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে ছাত্র-ছাত্রী অথবা অভিভাৱকে তেওঁলোকৰ বাৰ্ষিক আয় সন্দৰ্ভত এখন শপতনামাও দাখিল কৰিব পাৰিব। অৱশ্যে এনেদৰে দাখিল কৰা আয়ৰ প্ৰমাণ-পত্র সংশ্লিষ্ট কর্তৃপক্ষই এবছৰৰ ভিতৰত পৰীক্ষা কৰিব লাগিব। এইক্ষেত্ৰত ভুৱা প্রমাণ-পত্ৰ বুলি প্রমাণিত হলে সংশ্লিষ্ট কৰ্তৃপক্ষই তেনে ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আনহাতে ৰাজ্য চৰকাৰে জাৰি কৰা নুতন জাননী অনুসৰি মহাবিদ্যালয় কর্তৃপক্ষই শিক্ষার্থীসকলক প্রকৃত মার্কশ্বীট অবিহনেই নামভৰ্তিৰ সুবিধা প্ৰদান কৰিব পাৰিব। কিন্তু শিক্ষার্থীসকলে অহা ১৫ অক্টোবৰৰ ভিতৰত প্রকৃত মার্কশীট শিক্ষানুষ্ঠানসমূহত দাখিল কৰিব লাগিব। অন্যথা তেওঁলোকৰ নামভৰ্তি বাতিল কৰা হ’ব।

(UD.)