খালিংদুৱাৰ সমষ্টিৰ এখন লেখত ল’ব লগিয়া বাঁহৰ দলং

খালিংদুৱাৰ সমষ্টিৰ এখন লেখত ল’ব লগিয়া বাঁহৰ দলং  যোৱা ৭৫ বছৰে দলং নিৰ্মাণৰ দাবী জনাই আহিছে চিনিপাৰা গাওঁ‌বাসীয়ে

অমৰজিৎ ৰাভা, ওদালগুৰি, বাৰ্ত্তাসেৱা- স্বাধীনত্তৰ দিনৰে পৰা দলং নিৰ্মাণ দাবী জনাই আহিছে চেনিপাৰা বাসীয়ে। কিন্তু কোনে সুনিব চেনিপাৰা বাসীৰ কৰুণ কথা। হয় !! চিনিপাৰা গাঁওবাসীৰ এটা দীৰ্ঘদিনিয়া সমস্যা।। পৰিত্ৰান বিছাৰী অসম চৰকাৰ তথা বিটিআৰ চৰকাৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো লৈ কাতৰ আহ্বান।উল্লেখ্য যে বিটিআৰ ওদালগুৰি জিলাৰ ৩৪ নং খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পুৰন্দিয়া ভিচিডিচিৰ অন্তৰ্গত চিনিপাৰা গাঁওৰ পৰা কলাইগাইও ওদালগুৰি পথলৈ সংযোগ হোৱা একমাত্ৰ পথছোৱাৰ মাজ ভাগত থকা দুখনকৈ বাঁ‌হৰ দলঙে প্ৰতিবছৰে চেনিপাৰা বাসী ৰাইজক জলা-কলা খুৱাই আহিছে। এখন চাৰিচকীয়া বাহন আনিব নোৱাৰ পথটোৰ দুৰৱস্থাৰ ফলত বাৰিষা আহিলে অঞ্চলবাসীলৈ নামি আহে কাল অমানিশা। প্ৰায় চাৰিখন কৈ গাঁ‌ৱৰ ৰাইজ লৰা,ছোৱালী স্কুল-কলেজ অহাযোৱা কৰা পথছোৱাৰ বাঁ‌হৰ দলং দুখন পকিকৰণৰ বাবে বিগত ১৭ বছৰত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধিন “মডেল বিটিচি! চৰকাৰৰ কাৰ্যবাহী সদস্য তথা খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ প্ৰাক্তণ পাৰিষদ বনজাৰ দৈমাৰী, আৰু ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰিহন দৈমাৰীক বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছে যদিও উন্নয়নৰ ফটা ঢোল বজোৱা চৰকাৰ খনে চেনিপাৰা বাসীৰ সমস্যা কাণ সাৰ নিদিলে। যাৰ বাবে চেনিপাৰা বাসী ৰাইজে প্ৰতিবছৰে গাঁ‌থীৰ ধন খৰচ কৰি বাঁ‌হ বেতৰে দলং নিৰ্মাণ কৰি আহিছে। সেয়েহে সমস্যাৰ পৰিত্ৰান বিছাৰি ৰাইজে পুনৰ বিটিআৰ পৰিৱৰ্তন কামী চৰকাৰৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ দিলিপ কুমাৰ বড়োৰ দ্বাৰাই মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োক চিনিপাৰা বাসীৰ দলং নিৰ্মাণ কৰি দিবলৈ কাতৰ আহ্বান জনাইছে।