মৰিগাওঁ জিলা সাহিত্য সভা সহযোগত সাংবাদিক কৰ্মশালা

মৰিগাওঁ জিলা সাহিত্য সভা সহযোগত সাংবাদিক কৰ্মশালা

মৰিগাঁও,বাৰ্ত্তাসেৱা-  চিৰ চেনেহী মোৰ ভাষা জননী। আমি সাংবাদিক হিচাপে কিমান শুদ্ধ বানান উচ্চাৰণ কৰি বাতৰি পৰিবেশন কৰি আহিছো। তথ্য ভিত্তিক বাতৰি পৰিবেশন লগতে শুদ্ধ বানান আৰু উচ্চাৰণ ক্ষেত্ৰত অসম সাহিত্য সভা পৰামৰ্শ অনুসৰি মৰিগাওঁ জিলা সাহিত্য সভাই বলিষ্ঠ পদক্ষেপ হাতত লৈ মৰিগাঁৱ পবিতৰা হাট প্ৰেক্ষাগৃহত তথ্য ভিত্তিক বাতৰি পৰিবেশন, শুদ্ধ বানান আৰু উচ্চাৰণ ক্ষেত্ৰত সাংবাদিক কৰ্মশালা আয়োজন কৰে। চিৰ চেনেহী মোৰ ভাষা জননী, মৰিগাওঁ জিলা সাহিত্য সভাই সমবেত সংগীতে কৰ্মশালা কাৰ্য্যসূচী আৰম্ভ কৰে। প্ৰতাপ হাজৰিকা দেৱ সভাপতিত্ত কৰা উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে বিশিষ্ট অতিথি :- বিধায়ক তথা, অসম মীন উন্নয়ন নিগমৰ অধক্ষ্য ৰমাকান্ত দেউৰী, তিউৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ কোঁৱৰ, সন্মানীয় অতিথি :- মৰিগাওঁ জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, সঞ্চালনা কৰিব :- মৰিগাওঁ জিলা সাহিত্য সভা প্ৰাক্তন সভাপতি মিলেশ্বৰ পাটৰ, বিশিষ্ট সাংবাদিক :- মৃণাল তালুকদাৰ, ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্য, লগতে বিৰিঞ্চি কুমাৰ শৰ্মা, জাকিৰ হুছেইন উপৰিও বহুকেইজন অতিথি উপস্থিত থাকে।