বিত্তীয় অনিয়মৰ অভিযোগত গুৱাহাটীৰ ইণ্ডাষ্টিয়েল ক’অপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্রজ্যোতি ভৰালীক গ্ৰেপ্তাৰ

pc Dreamstime

বিত্তীয় অনিয়মৰ অভিযোগত গুৱাহাটীৰ ইণ্ডাষ্টিয়েল ক’অপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্রজ্যোতি ভৰালীক আৰক্ষীয়ে গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা – বিত্তীয় অনিয়মৰ অভিযোগত গুৱাহাটীৰ ইণ্ডাষ্টিয়েল ক’অপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্রজ্যোতি ভৰালীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। প্রায় ৫০ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰি পৰিচালন সঞ্চালকজনৰ বিৰুদ্ধে তিনিটা গোচৰ ৰুজু হৈ আছিল। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে বেংকটোত কেইবাবাৰো অভিযান চলাই নথি-পত্ৰ জব্দ কৰে যদিও পৰিচালন সঞ্চালকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। দীর্ঘদিন ধৰি পলাই থকা শ্ৰীভৰালীক কালি মহানগৰৰ পানবজাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। উল্লেখযোগ্য যে বিত্তীয় অনিয়মৰ বাবেই ২০১৮-১৯ বৰ্ষত বেংকটো লোকচানৰ সন্মুখীন হৈছিল।