বিএছএনএলক পুনৰুজ্জীৱিতকৰণৰ বাবে ১.৬৪ লাখ কোটি টকাৰ পেকেজ অনুমোদন কেবিনেটৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কেন্দ্ৰীয় কেবিনেটে ৰাজ্যিক মালিকানাধীন টেলিকম প্ৰতিষ্ঠান বিএছএনএলৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ১.৬৪ লাখ কোটি টকাৰ পেকেজত অনুমোদন জনাইছে। কেবিনেটৰ দ্বাৰা অনুমোদিত পুনৰুজ্জীৱিত পদক্ষেপবোৰে সেৱা উন্নীতকৰণ, স্পেকট্ৰাম আৱণ্টন, ইয়াৰ বেলেন্স শ্বীটৰ ওপৰত জোৰ নিদিয়া আৰু ভাৰত ব্ৰডবেণ্ড নিগম লিমিটেড (বিবিএনএল)ক বিএছএনএলৰ সৈতে একত্ৰিত কৰি ইয়াৰ ফাইবাৰ নেটৱৰ্ক বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।বৈষ্ণৱে আৰু কৈছিল যে চৰকাৰে বিএছএনএলক ৪জি সেৱা সম্প্ৰসাৰণত সহায় কৰিবলৈ স্পেকট্ৰামৰ প্ৰশাসনিক আৱণ্টন কৰিব।