বাৰ্ত্তাসেৱা – মহিলা চেম্পিয়নছলীগত খিতাপ দখলেৰে ইতিহাসৰ ৰচনা কৰিলে বাৰ্চিলোনাই। বাৰ্চিলোনা ফেমেনিয়ে দেওবাৰে চেলছিক ৪-০ গ’লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে মহিলা চেম্পিয়নছ লীগত বিজয়ী হয়, অৰ্থাৎবাৰ্চিলোনা হৈছে পুৰুষ আৰু মহিলা চেম্পিয়নছ লীগ দুয়োটা জয়ী কৰা পৃথিৱীৰ প্ৰথমটো ক্লাব। ফাইনেলখনত আৰম্ভনিৰ পৰাই আক্ৰমণাত্মক ফুটবল উপহাৰ দিছিল বাৰ্চিলোনাৰ খেলুৱৈসকলে। ফাইনেলখন প্ৰত্যাহ্বানমূলক হব বুলি ধাৰণা কৰিছিল যদিও বাৰ্চিলোনাই মূলতঃ খেলখন একপক্ষীয় কৰি তোলে। বাৰ্চিলোনাৰ ধাৰাবাহিক আক্ৰমণত মুৰ দাঙি উঠিব নোৱাৰিলে চেলছিয়ে।
বাৰ্চিলোনাৰ মহিলা দলটোৱে চেম্পিয়নছ লীগ জয় কৰি এক ঐতিহাস ৰচনা কৰে
