অলিম্পিক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰবল আপত্তি অধিকাংশ জাপানী নাগৰিকৰ

 

বাৰ্ত্তাসেৱাঃ- জাপানত কৰোনাৰ আতংকৰ মাজতে অনুষ্ঠিত হবলৈ গৈ থকা অলিম্পিকক লৈ দেশখনৰ নাগৰিকসকল বিভক্ত হৈ পৰিছে। একাংশই দেশখনত অলিম্পিক হোৱাটো বিচাৰিছে যদিও আন একাংশই কৰোনাই মহামাৰীৰ ৰূপ ধাৰণ কৰি থকাৰ সময়তে অলিম্পিক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰবল আপত্তি দৰ্শাইছে। দেশখনৰ এক সংবাদ প্ৰতিষ্ঠানে শেহতীয়াকৈ চলোৱা এক সমীক্ষাত এই কথা স্পষ্ট হৈ পৰিছে যে অধিকাংশ জাপানী নাগৰিকেকৰোনাৰ এই সন্ত্ৰাসৰ সময়ত দেশখনত অলিম্পিক অনুষ্ঠিত হোৱাটো বিচৰা নাই। উল্লেখ্য দে জাপানত দিনক দিনে কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ হৈছে। আনহাতে, বিগত দিনকেইটাত জাপান প্ৰশাসনে নতুন নতুন অঞ্চলত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। এনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা কেইবাটাও অঞ্চলত অলিম্পিকৰ বিভিন্ন মেচসমূহ অনুষ্ঠিত হ’ব। এনে সময়ৰ মাজতে সোমবাৰে দেশখনৰ এক সংবাদ প্রতিষ্ঠানে চলোৱা সমীক্ষাত এই কথা পোহৰলৈ আহিছে যে দেশখনৰ গৰিষ্ঠসংখ্যক লোক এই মুহূৰ্তত অলিম্পিক অনুষ্ঠিত কৰাৰ পক্ষত নাই। একাংশই অলিম্পিক সম্পূৰ্ণৰূপে বাতিল কৰাৰ পোষকতা কৰিছে। অৱশ্যে আন একাংশই অলিম্পিক স্থগিত ৰাখি পৰিস্থিতি উন্নত হ’লে এই ক্রীড়া মহোৎসৱখন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে। সমীক্ষাটোত এই কথা পোহৰলৈ আহিছে যে জাপানৰ ৪৩ শতাংশ লোকে টকিঅ’ অলিম্পিক একেবাৰে বাতিল কৰাৰ পোষকতা কৰে। তেওঁলোকৰ মতে এই মহামাৰীৰ সময়ত অলিম্পিক অনুষ্ঠিত কৰাৰ অৰ্থই হ’ল নির্ঘাত বিপদ। ইয়াৰ বিপৰীতে দেশখনৰ ৪০ শতাংশ জনসাধাৰণে অলিম্পিক স্থগিত ৰখাৰ পক্ষে ভোট দিছে। তেওঁলোকৰ যুক্তি হ’ল যে এতিয়া অলিম্পিক স্থগিত ৰাখি পৰিস্থিতি উন্নত হ’লে প্রতিযোগিতাখন অনুষ্ঠিত কৰিব লাগে। কেৱল দেশখনৰ ১৪ শতাংশ লোকেহে পূর্বনির্ধাৰিত সূচী অনুসৰি অলিম্পিক অনুষ্ঠিত কৰাৰ বাবে আগ্রহ প্রকাশ কৰিছে।