ড০ হিমন্ত বিশ্ব শৰ্মাক সদৌ অসম সাংবাদিক সন্থাৰ অভিনন্দন জ্ঞাপন

বাৰ্ত্তাসেৱাঃ- অসমৰ ৰাইজৰ জনমত লৈ অসমৰ মুখমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ সমস্যাবহুল ৰাজ্যখনৰ নতুন চৰকাৰখনৰ মুৰব্বীৰ দায়ীত্ব গ্ৰহণ কৰা ড০ হিমন্ত বিশ্ব শৰ্মাক সদৌ অসম সাংবাদিক সন্থা (আজু)ই আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। নৱনিযুক্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিক সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, কাৰ্যকৰি সভাপতি ধ্ৰ্ৰুৱজ্যোতি শৰ্মা আৰু সাধাৰণ সম্পাদক নকুল তালুকদাৰে কয়, ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ নেতৃত্বাধীন নৱগঠিত চৰকাৰৰ ওপৰত অসমৰ জনসাধাৰনৰ আছে গভীৰ আস্থা আৰু বিশ্বাস। অসমৰ খিলঞ্জীয়া ৰাইজে সুদীৰ্ঘ কাল ধৰি ভুগি অহা সমস্যাৰ সমাধান হব বুলি আমি আশা ৰাখিছো। বিবৃতিত আজুৰ নেতৃত্বই কয় যে অসমত নিতৌ সাংবাদিকৰ ওপৰত শাৰীৰিক, মানসিক অত্যাচাৰ চলি আহিছে। অসমৰ সমাজ জীৱনৰ লগত সংপৃক্ত তথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিকসকলৰ জীৱন আৰু বৃত্তিগত নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থতে নতুন চৰকাৰখনে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি এখন কঠোৰ আইন প্ৰণয়নৰ ব্যৱস্থা কৰিব বুলিও আমি আশাবাদী। অসমৰ সকলো সম্পদৰ ওপৰত সম্পূৰ্ণ এশ শতাংশ অধিকাৰ সুনিশ্চিত কৰিবলৈ দাবী জনায়। ‘আজু’ৰ নেতৃত্বই অসমৰ সকলো চৰকাৰী কাৰ্যালয়ত খালী হৈ থকা পদত মকৰল কৰাৰ ক্ষেত্ৰত এশ শতাংশ খিলঞ্জিয়াৰ বাবে বাধ্যতামূলক সংৰক্ষণৰ যাৱতীয় কাৰ্যকৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনায়। ‘আজু’ৰ নেতৃত্বই কয়ঃ অসমৰ খিলঞ্জিয়া জনসাধাৰণে সুদীৰ্ঘ কাল অবৈধ বিদেশী নাগৰিকৰ সমস্যাক লৈ শংকা আৰু উদ্বিগ্নতা প্ৰকাশ কৰি আহিছে। নতুন চৰকাৰখনে এক ইতিবাচক দিশেৰে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি অসমৰ থলুৱা জনসাধাৰণক শংকামুক্ত কৰিব বুলি ‘আজু’ৰ নেতৃত্বই আশা প্ৰকাশ কৰিছে।