বাংলা অভিনেত্ৰী অন্দ্ৰিলা শৰ্মাৰ দেহাৱসান

Pc NEWS8 Northeast

বাংলা অভিনেত্ৰী অন্দ্ৰিলা শৰ্মাৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-  বাংলা অভিনেত্ৰী অন্দ্ৰিলা শৰ্মাৰ দেহাৱসান। মাত্ৰ ২৪ বছৰ বয়সতে তেওঁ পৃথিৱীৰ পৰা বিদায় ল’লে। হাৰ্ট এটেকৰ বাবে কিছুদিন পূৰ্বে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সকলোৱে তেওঁৰ আশু আৰোগ্য কামনা কৰিছিল যদিও দেওবাৰে তেওঁ জীৱন যুদ্ধত পৰাস্ত হয় আৰু মাত্ৰ ২৪ বছৰ বয়সতে তেওঁ পৃথিৱীৰ পৰা বিদায় মাগিলে। এই চুটি জীৱনত তেওঁ কৰ্কট ৰোগকো পৰাস্ত কৰিছে। কিন্তু ১ নৱেম্বৰত তেওঁৰ মগজুৰ ষ্ট্ৰোক হয়, তাৰ পিছত তেওঁৰ অৱস্থা অধিক বেয়া হৈ পৰে আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইয়াৰ পিছত ১৪ নৱেম্বৰত তেওঁৰ হাৰ্ট এটেক হৈ পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। হাৰ্ট এটেকৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। তেওঁৰ বেয়া অৱস্থা দেখি এন্দ্ৰিলাক ভেণ্টিলেটৰত ৰখা হ’ল যদিও জীৱনৰে যুঁজি যুদ্ধত পৰাস্ত হয় আৰু কলকাতাৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। খবৰ অনুসৰি, ব্ৰেইন ষ্ট্ৰোকৰ বাবে এন্দ্ৰিলাই বাওঁফালৰ ফ্ৰন্টোটেম্প’ৰ’পেৰিটেল ডি কম্প্ৰেছিভ ক্ৰেনিঅ’টমী অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল।