বহুমুখী প্ৰতিভা বিষ্ণু প্ৰসাদ ৰাভা – মুন শৰ্মা

বহুমুখী প্ৰতিভা বিষ্ণু প্ৰসাদ ৰাভা
তেতিয়া আছিল  অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষ ইংৰাজৰ অধীনত। তেতিয়াই বৰ্তমান বাংলাদেশত অৱস্থিত ঢাকাত জন্ম হৈছিল এজন অসমীয়া। সময়১৯০৯ চনৰ ৩১জানুৱাৰী।যিয়েই এটা সময়ত হৈ পৰিছিল অসমৰ এজন জীৱন্ত কিংবদন্তী বিষ্ণু প্ৰসাদ ৰাভা ।এই জন মহান অসমীয়াই  দিয়া নাই ক’ত  তেওঁৰ প্ৰতিভাৰ নিৰ্দশন। নিজৰ প্ৰতিভাক কামত লগাই অসমীয়া জাতিৰ বাবে সমাজৰ বাবে তেওঁ দি যোৱা বহু অৱদানৰ ফলতেই  তেওঁ আজি অসমীয়াৰ মাজত অমৰ হৈ ৰৈছে।এতিয়া আহো তেওঁৰ প্ৰতিভাৰ কথা ক’বলৈ কিন্তু এই খিনিতে জনাই থওঁ যে  তেওঁৰ প্ৰতিভা সমূহ বিষয়ে লিখাটো বৰ সহজ নহয়। তথাপি কৰিছো কিছু চেষ্টা চমুকৈ;একেধাৰে কবি প্ৰবন্ধকাৰ, গল্পকাৰ, নাট্যকাৰ অভিনেতা সঙ্গীতকাৰ চিত্ৰকৰ হোৱাৰ উপৰিও আৰু বহুতো প্ৰতিভাৰে  জিলিকি থকা ৰাভা দেৱৰ প্ৰতিভাৰ কথা লিখিবলৈ ললে প্ৰথমে মনলৈ আহে তেওঁৰ  গীত সমূহৰ কথা।যিবোৰ আমি বিষ্ণু ৰাভা গীত ৰূপে জানো। এই গীতৰ সংখ্যা ১৩৭টা বুলি জানিব পৰা যায়। ৰাভা গীত সমূহৰ উপৰিও তেওঁ কিছু সংখ্যা শিশু উপযোগী গীত  ও ৰচনা কৰিছিল।অন্য হাতে বিষ্ণু ৰাভা এজন নিপুণ চিত্ৰকৰ আছিল। তেওঁ বহুতো চিত্ৰ আঁকি গৈছে।তাৰে ভিতৰত শঙ্কৰ মাধৱৰ যুগল চিত্ৰ তিনি ৰংত আঁকিছিল। তেখেতে শংকৰ দেৱৰ একক চিত্ৰ  তিনি খন আঁকিছিল যি কেইখন ১৯৩৫,১৯৪০ আৰু ১৯৪৫চনত। ইয়াৰ উপৰিও ১৯৩৫চনত চিত্ৰলেখা, ১৯৩৯চনত নটৰাজ,১৯৪৪চনত বড়ো সকলৰ বিবাহ সমদল,১৯৫০চনত ভূমিকম্প,আদি বহুতো চিত্ৰৰ চিত্ৰকৰ তেওঁ।আকৌ বিষ্ণু প্ৰসাদ ৰাভা এজন বিখ্যাত নৃত্যশিল্পী  ৰূপে ও পৰিচিত আমাৰ মাজত।তেখেতে নৃত্যৰ প্ৰতি আগ্ৰহী হৈছিল ১৯২৮চনত কলিকতাত যেতিয়া পঢ়ি আছিল তেওঁ তেতিয়াই সেই সময়ৰ ৰাছিয়াৰ বিখ্যাত নৃত্যশিল্পী “আনা পাভলোভাৰ” নৃত্য  দেখি। তেওঁ আমাৰ সত্ৰীয়া নৃত্য  প্ৰদৰ্শন কৰিছিল।বান ৰংগমঞ্চত মণিপুৰী নৃত্য প্ৰদৰ্শন কৰিছিল। ত১৯৩৯চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণত বাৰানসীত নটৰাজ অৰ্থাৎ তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল তাতে তেওঁক সেই সময়ত বিশ্ববিদ্যালয়ৰ খনৰ উপাচাৰ্য্য পদত থকা সৰ্বপল্লী ৰাধাকৃষ্ণনে কলাগুৰু উপাধি প্ৰদান কৰিছিল।এতিয়া আহো সাহিত্য প্ৰতিভাৰ বিষয়লৈ। তেওঁ সাহিত্য ক্ষেত্ৰত কেতিয়া খোজ পেলাই বুলি যদি কোনোবাই প্ৰশ্ন কৰে তেতিয়া আমি তেওঁ যেতিয়া ৰংপুৰ কলেজত পঢ়ি আছিল তেতিয়ালৈ মনত পেলাব লাগিব কাৰণ তেতিয়াই অসমৰ এখন জনপ্ৰিয় আলোচনী বাঁহী চিত্ৰলেখা নামৰ এটা শিতান পৰিচালনা কৰাৰ লগতে  তাত এলানি  বৃহওৰ অসমৰ পৰিকল্পনা নামৰ প্ৰৱন্ধ ধাৰাবাহিক ভাৱে প্ৰকাশ পাইছিল ১৯৩০চনৰ পৰা। পাছত আৱাহনৰ পাতত ও প্ৰৱন্ধ লিখিছিল। সিফালে তেওঁ ইংৰাজৰ বিৰুদ্ধে কবিতা লিখিছিল। অকল  কবি, প্ৰবন্ধকাৰেই নহয় তেওঁ এজন গল্পকাৰ, নাট্যকাৰ আৰু ঔপন্যাসিকও আছিল।তেওঁৰ ৰচনা  সমূহৰ ভিতৰত অসমীয়া কৃষ্টিৰ চমু  আভাষ(প্ৰৱন্ধ) অতীত অসম(প্ৰবন্ধ) সোণপাহী (উপন্যাস) জীৱন লালসা(উপন্যাস) মামীৰ হাৰ (গল্প)  কুৰি বছৰ জেল (গল্প) গেঙনি ৰেঙনি(নাটক) আদি।বহুমুখী প্ৰতিভাৰ বিষ্ণু প্ৰসাদ ৰাভা এজন ভাল অভিনেতা ও আছিল।তেখেতে আঠ বছৰ বয়সতে ঢাকাত থকা কালত এখন নাটকত অভিনয় কৰি এই জীবনৰ পাতনি মেলিছিল, নাট খনৰ নাম আছিল হৰিশচন্দ্ৰ আৰু তেওঁ ৰাজকুমাৰ ভাও লৈছিল তাত। তাৰ পাছতে যেতিয়া তেওঁ তেজপুৰলৈ আহিল তেতিয়া  বিভিন্ন যাত্ৰা পাৰ্টী বোৰৰ লগত বহুতো নাটত অভিনয় কৰিছিল। লাহে লাহে যেতিয়া অসমীয়া বোলছবি নিৰ্মাণ কাম আৰম্ভ হব ধৰিলে তেতিয়াৰ পৰা তেওঁ ছবিত অভিনয় কৰিবলৈ ও ধৰিলে । তেওঁ অসমীয়া প্ৰথম কথাছবি জয়মতী, এৰাবাটৰ সুৰ, প্ৰতিধ্বনি, চিৰাজ আদি। তাৰে চিৰাজ ছবি খনত ফণী শৰ্মাৰ লগত যুটীয়া ভাবে  পৰিচালনা ও কৰিছিল।
মুন শৰ্মা, লখিমপুৰ, বচাগাঁও