বয়বস্তৰ অস্বাভাৱিক দাম বৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ

বয়বস্তুৰ অস্বাভাৱিক দাম বৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ

ৰঙিলী বাৰ্ত্তাসেৱা- বয়বস্তুৰ অস্বাভাৱিক দামবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি চি পি আইয়ে আহ্বান জনোৱা বিক্ষোভ কাৰ্যসূচী বিভিন্ন জিলাৰ আয়ুক্ত কাৰ্যালয় সন্মুখত ৰূপায়ণ কৰি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ দলৰ বিভিন্ন জিলাৰ শ শ কৰ্মকৰ্তাই হাতত ৰক্ত পতাকা আৰু প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে সমদল কৰি জিলা আয়ুক্ত কাৰ্যালয় সমূহৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ প্ৰধানতঃ মৰিগাঁৱত পাৰ্টি নেতা মুনিন মহন্ত, নগাঁৱত ৰাতুল বৰা, গোলাঘাটত পাৰ্টিৰ নেতা পিকুমণি দত্ত আৰু জিলা সম্পাদক হৰেণ বৰা, তিতাবৰত জিলা সম্পাদক বিশ্বজিৎ শইকীয়া, শিৱসাগৰত জিলা সম্পাদক মণি বুঢ়াগোঁহাই আৰু ধৰ্ম বৰুৱা, ডিব্ৰুগড়ত জিলা সম্পাদক যতিন শইকীয়া, তিনিচুকীয়া জিলা সম্পাদক ৰঞ্জন চৌধুৰী, ধেমাজীত জিলা সম্পাদক সোভাষ কলিতা, লক্ষীমপুৰত জিলা সম্পাদক অৰূপ কলিতা, কৰিমগঞ্জত জিলা সম্পাদক ৰাগেন্দ্ৰ চন্দ্ৰ দাস, গোৱালপাৰাত পাৰ্টিৰ নেতা শৈলেন দাস, ধুবুৰীত জিলা সম্পাদক মহেশ ৰায়, নলবাৰীত জিলা সম্পাদক তপন বৰ্মনে এই বিক্ষোভ প্ৰদৰ্শনৰ নেতৃত্ব লয়৷শিৱসাগৰ আয়ুক্ত কাৰ্যালয় সন্মুখৰ বিক্ষোভ স্থলিত উপস্থিত থাকি চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে কয় যে ইতিমধ্যে বস্তুৰ আকাশলংঘী চৰাদামে জুৰুলা কৰাৰ সময়তে পুনৰ দাইল, তেল, চাউলৰ বৰ্দ্ধিত মুল্যবৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ শোধাই বিজেপি চৰকাৰে সম্পূৰ্ণৰূপে জনগণ বিৰোধী কাম কৰিছে আৰু ডাঙৰ ডাঙৰ মহাজন সকলক ৰাইজৰ সাঁচতীয়া ধনকেইটাও লুটি নিবলৈ সুবিধা কৰি দিছে ৷ আচলতে ২০২৪ চনত লোকসভা নিৰ্বাচন সমাগত সেয়ে ইয়াৰ পূৰ্বে হাজাৰ হাজাৰ কোটি টকা এই মহাজন সকলৰ পৰাই বিজেপিয়ে নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰিব লাগিব আৰু সেয়ে চৰকাৰ তথা যোগান বিভাগে মুল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা নকৰে বুলি কনক গগৈয়ে বিজেপিৰ বিৰুদ্ধে ডাঙৰ অভিযোগ আনে ৷ কনক গগৈয়ে খাদ্য আৰু অসামৰিক যোগান বিভাগটো অসম চৰকাৰৰ আটাইতকৈ ব্যৰ্থ বিভাগ আৰু উক্ত বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস হৈছে একেবাৰে অপদাৰ্থ আৰু অকমৰ্ণ্য মন্ত্ৰী বুলিও মন্তব্য কৰে ৷ মন্ত্ৰী ৰঞ্জিৎ দাসে কেৱল নিমখৰ দাম বৃদ্ধি হ’লেহে চোৱাচিতা কৰিব পাৰোঁ বুলি কৈ জনতাক চুড়ান্ত ভাৱে অপমানিত কৰিছে বুলিও দোষাৰোপ কৰে ৷ তেওঁ আৰু কয় যে ৰঞ্জিৎ দাসে কেৱল ৰাতিপুৱা মৰ্ণিংৱাক কৰা, ব্যায়াম কৰা ফটো আদি ফেচবুকত দি নীতি শিক্ষা দিয়াতে ব্যস্ত থাকে ৷ বয়বস্তুৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ কি ব্যৱস্থা লৈছে সেই বিষয়েও ফেচবুকত দিবলৈ কনক গগৈয়ে মন্ত্ৰী ৰঞ্জিৎ দাসক দাবী জনাই ৷ মন্ত্ৰী ৰঞ্জিত দাসক আচলতে অসম চৰকাৰৰ “নিমখ মন্ত্ৰী” হিচাপে নামাকৰণ কৰিব লাগে বুলিও কনক গগৈয়ে মন্তব্য কৰে ৷আনহাতে মন্ত্ৰী ৰঞ্জিত দাসে অসমীয়া যুৱকে সৰিয়হ খেতি নকৰিলে তেলৰ দাম হ’বই, চাহিদা আৰু যোগানৰ মাজত ব্যৱধান হ’লে দাম বৃদ্ধি হ’বই , বিজেপিৰ সভাপতি ভৱেশ কলিতাই বেছি খালে মুল্যবৃদ্ধি হ’বই, গাড়ী মটৰত উঠিলে পেট্ৰ’ল ডিজেলৰ দাম বাঢ়িবই সেয়ে চাইকেলেৰে অথবা খোজকাঢ়ি অহা যোৱা কৰিব লাগে, বিধান সভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বিদ্যুত মাচুল বৃদ্ধি হোৱাৰ বাবে গছৰ তলত বহিবলৈ দিয়া পৰামৰ্শ, বিধায়ক অতুল বৰাই আলু দাম বাঢ়িলে পিঁয়াজ ভজা খাবলৈ আৰু তেওঁ দৰে ‘বইল’ খাবলৈ দিয়া পৰামৰ্শ, সাংসদ কামাখ্যা প্ৰসাদ তাছাই কেৱল খোৱাৰ কথা ভাৱি থাকিলে বস্তুৰ দাম বাঢ়িবই বুলি কোৱা , সাংসদ দিলীপ শইকীয়াই দামবৃদ্ধি ক’ত নহয়? কানাডাতো দামবৃদ্ধি হয় আদি অসভ্যালি সূচক মন্তব্য সমূহে অসমবাসীৰ জনতাক চূড়ান্তভাৱে অপমানিত কৰিছে বুলি কনক গগৈয়ে মন্তব্য কৰে ৷ এনেবোৰ মন্তব্যই আচলতে বিজেপিৰ চৰকাৰে মুল্যবৃদ্ধি ৰোধ কৰাৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল সেয়া তেওঁলোকৰ চূড়ান্ত মিথ্যাচাৰৰ বাহিৰে যে আন একো নাছিল সেয়া প্ৰমাণিত হ’ল ৷ সেয়ে চৰকাৰৰ এনে জনগণ বিৰোধী আৰু নেতা মন্ত্ৰীসকৰ এনেবোৰ অপমানসূচক মন্তব্য সহ্য নকৰিবলৈ অসমবাসীৰ ৰাইজক কনক গগৈয়ে অনুৰোধ জনাই আৰু আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলৰ নেতা মন্ত্ৰী সকলক সমুচিত প্ৰত্তুত্যৰ দিবলৈ সাজু হ’বৰ বাবে তেওঁ সকলোকে আহ্বান জনাই । প্ৰতিবাদকাৰী সকলে আকাশলংঘী দাম বৃদ্ধি ৰোধ কৰিবৰ বাবে অসাধু ব্যৱসায়ী সকলক নাকী লগাবলৈ, বণিক গোষ্ঠীৰ সৈতে বিজেপি দলে কৰি থকা অবৈধ লেনদেন বন্ধ কৰিবলৈ, ৰাজহুৱা বিতৰণ ব্যৱস্থা অধিক শক্তিশালী কৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মুল্য দোকানৰ যোগেদি যোগান ধৰিবলৈ, ছিণ্ডিকেটৰাজ বন্ধ কৰিবলৈ, ত্ৰুটিপূৰ্ণ মিটাৰ সমূহ বাতিল কৰিবলৈ, পে’ট্ৰলজাত সামগ্ৰীসমূহ জি এচ টি অন্তভুৰ্ক্ত কৰিবলৈ দাবী জনাই জিলা আয়ুক্ত সকলৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷