বড়িবজাৰ আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে ড্ৰাগছসহ মাতৃ পুত্ৰক আটক কৰে

বড়িবজাৰ আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে ড্ৰাগছসহ মাতৃ পুত্ৰক আটক কৰে

 টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা-  মৰিগাঁও জিলাৰ বড়ি বজাৰ আৰক্ষীৰ পহৰা চকীৰ আৰক্ষীযে অভিযান চলায় জব্দ কৰে নিষিদ্ধ ড্ৰাগছ। বুধবাৰে নিশা বড়ি বজাৰ আৰক্ষীয়ে মিকিৰভেটা আৰক্ষীৰ সহযোগত শিলপুখুৰী আদৰ্শ গাঁৱৰ মমতাজ বেগমৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে। আৰক্ষীয়ে জানিব দিয়া মতে, ড্ৰাগছ ভৰ্ত্তি 7 টা চাবোনৰ কেচ, কেইবাটাও চাধাৰ টেমা, ম’বাইল ফোন, মটৰ চাইকেলৰ লগতে নগদ ধন সহ আটক কৰে আৰক্ষীয়ে। লগতে মমতাজ বেগমৰ পুত্ৰ ৰাব্বুল হুছেইনকো আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। অভিযোগ যে, দীৰ্ঘদিনৰ পৰা মাতৃ পুত্ৰই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।