বংশৰ দৌল উৎসৱ উদযাপন সমিতিৰ দৌল মহোৎসৱ

বংশৰ দৌল উৎসৱ উদযাপন সমিতিৰ দৌল মহোৎসৱ

বিশ্বজিৎ বৈশ্য,বংশৰ,ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ বংশৰ অঞ্চলৰ অগ্ৰণী সামাজিক তথা ধৰ্মীয় অনুষ্ঠান বংশৰ দৌল উৎসৱ উদযাপন সমিতিৰ বংশৰ তিনি আলিৰ দৌল মণ্ডপ প্ৰাঙ্গণত ১৩,১৪আৰু ১৫ মাৰ্চত আয়োজন কৰা হৈছে ৬৬ তম্ শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ। ১৩ মাৰ্চৰ পুৱা স্বচ্ছতা অভিযান ৰ পাচত পুৱা ৯ বজাত ধৰ্মীয় পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী ইন্দ্ৰ কান্ত বৈশ্য ই। সন্ধিয়া ৫:৩০ বজাত প্ৰভু শ্ৰী শ্ৰী কৃষ্ণৰ আসন দৌলত আৰোহণ, সন্ধিয়া ৬ বজাত দৌল মণ্ডপত বন্তি প্ৰজ্বলন কৰিব গাঁৱৰ বয়োজ্যষ্ঠ তথা ভাগৱত আচাৰ্য, বিশিষ্ট সমাজসেৱক বগা ৰাম বৈশ্য ই, সন্ধিয়া ৭ বজাত আতচ্-বাজী প্ৰদৰ্শন, সন্ধিয়া ৭:৩০ বজাত বংশৰ দৌল উৎসৱ উদযাপন সমিতিৰ অন্তৰ্গত মহিলা হোলী দল আৰু শুৱালকুছি ৰ মিলিজুলি নামতী হোলীদলৰ হোলী গীত পৰিৱেশন কৰিব আৰু নিশা ১০ বজাত ছয়গাঁও (ডুৱজেনী) ৰ আৰাধনা নাট্য দলৰ দ্বাৰা নাট্যাভিনয়। ১৪ মাৰ্চত পুৱা আইসকলৰ নাম প্ৰসংগ, পুৱা ১০ বজাত পৃজাৰম্ভ ,১০:৩০ বজাত ভাগৱত পাঠ কৰিব পাঠক তিলক চন্দ্ৰ বৈশ্য ই, দুপৰীয়া ১২ বজাত হোমাদিকৃত্য, শান্তি,পুষ্পাঞ্জলি প্ৰদান, সন্ধিয়া ৬ বজাত বয়োজ্যষ্ঠ ব্যক্তি সকলৰ জৰীয়তে সমূহীয়া বন্তি প্ৰজ্বলন, সন্ধিয়া ৭ বজাত আতচ্-বাজী প্ৰদৰ্শন, সন্ধিয়া ৭:৩০ বজাত মহিলাৰ দ্বাৰা হোলীগীত পৰিবেশন আৰু নিশা ১০ বজাত বজালীৰ বামাখাটাৰ ময়ূৰপংখী ভ্ৰাম্যমাণ নাট্যদল ৰ দ্বাৰা নাট্যাভিনয় অনুষ্ঠিত কৰিব। ১৫ মাৰ্চ পুৱা ৮:৩০ বজাত দৌল সমিতিৰ বৈঠক, পুৱা ৯ বজাত হোলী উৎসৱ, বিয়লি ১:৩০ বজাত প্ৰভু ৰ আসন দৌল মণ্ডপৰ পৰা অৱৰোৰোহণ আৰু এক বিৰাট শোভাযাত্ৰা আৰু সন্ধিয়া ৬:৩০ দৌল মহোৎসৱৰ সামৰণি পৰিব। আটাইবোৰ কাৰ্যসূচীতে সভাপতি ইন্দ্ৰ কান্ত বৈশ্য আৰু সম্পাদক লোক নাথ বৈশ্য ই সহায় সহযোগিতা আৰু ভক্ত প্ৰাণ ৰাইজৰ উপস্থিত কামনা ।