ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম ব্যাহত হোৱাত পিছত মাৰ্ক জুকাৰবাৰ্গে ঘণ্টাত ৬ বিলিয়ন ডলাৰ হেৰুৱায়

pc- Hindustan Times

ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম ব্যাহত হোৱাত পিছত মাৰ্ক জুকাৰবাৰ্গে ঘণ্টাত ৬ বিলিয়ন ডলাৰ হেৰুৱায়

অনলাইন বাৰ্ত্তাসেৱা- ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰামৰ বিশ্বব্যাপী কালি সন্ধিয়া ৫.৩০ বজাৰ পৰা ব্যাহত হয়, যাৰ পৰিপ্ৰেক্ষিতত কোম্পানীটোৰ শ্বেয়াৰ হ্ৰাস হয় আৰু লগতে ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে কেইঘণ্টামানৰ ভিতৰতে তেওঁৰ সম্পত্তিৰ পৰা ৬ বিলিয়ন ডলাৰৰ অধিক হেৰুৱাই। সোমবাৰে কোম্পানীটোৰ শ্বেয়াৰ ৪.৯% হ্ৰাস পাইছে, যাৰ ফলত জুকাৰবাৰ্গৰ মুঠ মূল্য ১২১.৬ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। ইয়াৰ সৈতে, জুকাৰবাৰ্গ মাইক্ৰছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছৰ তলত ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সত পঞ্চম স্থানলৈ নামি যায়।