পৰীক্ষাৰ_ফলাফল – তানিয়া মধুকল্য

pc mithuninblue

পৰীক্ষাৰ_ফলাফল

তানিয়া মধুকল্য,
বিহপুৰীয়া, লক্ষীমপুৰ

আজি পুৱা ৯ বজাত অভিনৱৰ
মেট্ৰিকৰ ফলাফল ঘোষণা হ’ব। অভিনৱ পঢ়াত বৰ চোকা নাছিল।সেয়েহে অভিনৱৰ মাক বৰ চিন্তিত হৈ পৰিছিল। দেউতাকে তাৰ পঢ়া-শুনাৰ কথা অলপো চিন্তা কৰা নাছিল।

সময় ঠিক ৯মান বাজিল। মুকলি হ’ল ফলাফল। অভিনৱে ডিষ্টিংছন পালে। সি তাৰ ৰিজাল্টৰ কথা দেউতাকক জনালে। দেউতাকৰ চকুত চকুপানী বিৰিঙি উঠিল। দেউতাকে তাৰ হাতত ১০,০০০ টকা এটা তুলি দি ক’লে “তুমি এই টকাকেইটাৰে এটা ভাল ম’বাইল ফোন কিনি ল’বা।”

ঠিক পিছদিনাই অভিনৱ এখন ম’বাইলৰ দোকানলৈ গ’ল। দোকানখনৰ বাহিৰতেই এগৰাকী অসহায় বৃদ্ধ মহিলা বহি আছিল। তেওঁ অভিনৱক দেখি ক’লে”বোপাই মোক অলপ সহায় কৰিবানে?” সি ক’লে “মই পাৰিলে নিশ্চয় কৰিম।” তেতিয়া তেওঁ ক’লে”মোক চিকিৎসাৰ বাবে অলপ টকাৰ প্ৰয়োজন হৈছে। তুমি মোক সহায় কৰিবানে?” সি ক’লে”নিশ্চয় পাৰিম।” তেতিয়া সি তাৰ দেউতাকে ম’বাইল কিনিবলৈ দিয়া টকাকেইতা মহিলা গৰাকীক দি দিলে। তেওঁ ক’লে “ঈশ্বৰে তোমাৰ মংগল কৰক !”

সি ঘৰলৈ ওভতি আহিল। দি মাক – দেউতাকক সম্পূৰ্ণ ঘটনাটোৰ বিষয়ে ক’লে। তেতিয়া তাৰ মাকে তাক সাৱতি ধৰিলে।