ফটাশিল আমবাৰীত দুৰ্ঘটনা,অনা অসমীয়াৰ অতপালিত অতিস্ত স্থানীয় ৰাইজ

pc Iconscout

ফটাশিল আমবাৰীত দুৰ্ঘটনা, অনা অসমীয়াৰ অতপালিত অতিস্ত স্থানীয় ৰাইজ

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা – এ কে দেব গড়কাপ্টানি পথৰ ফটাশিল আমবাৰীস্থিত আইডিয়েল নাৰ্চাৰী হাইস্কুলৰ চাৰিআলিত গতিৰোধকত নৱমীৰ দিনা পথ দুৰ্ঘটনা সংঘটিত হয়। উল্লেখ্য,এখন মাৰুতী (ৱাগন আৰ )কাৰত এটি পৰিয়াল ধীৰেনপাৰা ফালৰ পৰা ফটাশিল আমবাৰী অভিমুখে আহি আছিল। আইডিয়েল নাৰ্চাৰী হাইস্কুল চাৰিআলিত গতিৰোধকত গাড়ীখনৰ গতিবেক একেবাৰে কম কৰাৰ সময়তে পিছফালৰ পৰা তীব্ৰ গতিত অহা এখন স্কৰপিঅ’ গাড়ীয়ে মাৰুতীখনত প্ৰচণ্ড গতিত খুন্দা মাৰে। মাৰুতীখন চুচুৰ্মৈ হোৱাই নহয় শিশুসহ সকলো আৰোহী গুৰুতৰভাৱে আহত হয়। স্কৰপিঅ’খনে আঘাতপ্ৰাপ্ত সকলক সহায়ৰ হাত আগবঢ়োৱাৰ সলনি তীব্ৰ গতিত পলাই যায়। লগে লগে স্থানীয় লোকে গাড়ীখন খেদি যায় আৰু আমবাৰী তিনিআলিত যাতায়াত ব্যাহত হোৱা বাবে গাড়ীখন ৰৱলৈ বাধ্য হয়। স্থানীয়লোকৰ  উপস্থিতিৰ উমান পাই তিনিজন পলাই যায় যদিও এজন কৰায়ত্ব হয়। স্থানীয় লোকে আহত সকলক সেইখন গাড়ীৰেই তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ নিবলৈ অনুৰোধ জনায় যদিও তেওঁ অমান্তি হয় আৰু উভতি স্থানীয় লোকক হিন্দীত গালি গালাজহে কৰে। ইয়াতে ক্ষুব্ধ হৈ চালকজনক লপাথপা দিয়ে। কিন্তু দহমিনিটৰ ভিতৰত পাঁচ ছয়জন গুণ্ডা লাঠি আৰু বন্দুক লৈ দূৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু বিভৎস ভাষাত গালি পাৰে আৰু পূজা চাই উভতি অহা যাকে পায় তাকে কোবাৱলৈ আৰম্ভ কৰে। কিছুসময় তাণ্ডৱ চলাই গুণ্ডা পাৰ্টি আঁতৰি যায়। এই গুণ্ডা পাৰ্টিত কেইবাজনো বিহাৰী ট্ৰেফিক পুলিচৰ উপৰিও ফটাশিল থানাৰ এজন গজগজীয়া কলিতা উপাধিৰ হাবিলদাৰো থকা বুলি স্হানীয় ৰাইজে অভিযোগ উথ্থাপন কৰিছে৷সচেতন ৰাইজে শীঘ্ৰে উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰাৰ বাবে দাবী তুলিছে।