প্ৰেমিকাৰ বাবে চুৰি কৰিবলৈ গৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চোৰ

Pc- Adobe Stock

প্ৰেমিকাৰ বাবে চুৰি কৰিবলৈ গৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চোৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  হাতত নাই ধন, কিন্তু প্ৰেম কৰিবলৈ মন! প্ৰেমিকাৰ বাবে চুৰি কৰিবলৈ গৈ আৰক্ষীৰ হাতত ধৰা পৰিল চোৰ।গুৱাহাটীৰ চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বামুণীমৈদামৰ বিশ্বজিত সূত্ৰধৰ ওৰফে টিকলা গাহৰি আৰু জ্যোতিনগৰৰ বাবুল আলী নামৰ চোৰ দুটাক।মহানগৰৰ জ্যোতিনগৰত সংঘটিত হৈছে এই ঘটনা৷জানিব পৰা অনুসৰি, জ্যোতিনগৰৰ বাসিন্দা ৰাকেশ শৰ্মাৰ ঘৰত যোৱা ২৫ জুলাইত ঘৰত কোনো নথকাৰ সুযোগ লৈ দিন দুপৰতে দুটা চোৰে আহি ঘৰৰ তলা ভাঙি নগদ ধন আৰু বহু মূল্যবান সামগ্ৰী লুটি নিয়ে৷ঘৰৰ গৰাকী ৰাকেশ শৰ্মাই ঘৰলৈ আহি ঘৰত চুৰি হোৱা কাৰ্য ধৰা পেলায়৷ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰাকেশ শৰ্মাই চান্দমাৰি থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৰাকেশ শৰ্মাৰ ঘৰৰ চি চি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি বৃহস্পতিবাৰে নিশা দুই চোৰক গ্ৰেপ্তাৰ কৰে৷আৰক্ষীৰ আগত চোৰ বিশ্বজিত সূত্ৰধৰ ওৰফে টিকলা গাহৰিয়ে কয়,” মই এইবোৰ প্ৰেমৰ কাৰণে কৰিছিলো৷” প্ৰেয়সীক সামগ্ৰী যোগান ধৰাৰ বাবে চুৰি কাৰ্যত লিপ্ত হৈছিল বুলি অকপট স্বীকাৰোক্তি টিকলাৰ৷উল্লেখযোগ্য যে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷