অশ্লীলতা
বাহাৰুল ইছলাম
অশ্লীলতাৰ সংজ্ঞা কি নাজানো
ই কাৰ হাতত প্ৰাণ পায়
তাকো নাজানো
শুনা যায় চৌপাশে
কেৱল বদনাম অপযশ
এই লজ্জাই যদি হয়
সভ্যতাৰ পৰিচয়
তেন্তে নিলজ্জতাৰ পৰিসীমা কি?
পতিতাৰ উলংগ দেহত
হাজাৰ চকুত ধৰ্ম জাগে
উন্মুক্ত বস্ত্ৰত পাপ উলমি থাকে
ঠিক পাচলিৰ দৰে
তাৰ পৰশত বৰ বচন নিগৰে
কিন্তু কিয়? কোনে উন্মোচন কৰে সেই দুৱাৰ
ভদ্ৰ মুখা পিন্ধা জনে
ৰঙা চকু মেলি তৰ্জন-গৰ্জন কৰিছে
সভ্যতাৰ চাদৰ লৈ
সন্তুষ্টিৰ নিশ্বাস পেলাইছে।
গোপনে উপভোগ কৰাজনে
বহুবাৰ দি আহিছে জনসমাজত
হাত দীঘলৰ পৰিচয়
মুখত কামনাৰ আঁচোৰ থকা
সহস্ৰ জনৰ হাতত ধৰ্মৰ পতাকা
সুমধুৰ কণ্ঠত গাইছে
নাৰী স্বাধীনতাৰ বিপ্লৱী গীত।
তেন্তে অদ্ভুত এই শুচিতা
অদ্ভুত এই আচৰণ
পাপ লুকুৱাৰ এক ভয়াবহ অস্ত্ৰ
নগ্নতাৰ বহু আগত বিবেক নগ্ন হৈছে
ধৰ্ষণৰ বহু আগত বাৰে বাৰে ধৰ্ষণ হয়
আপোন বিবেক।
অশ্লীলতা এক ব্যাধি
যাৰ পৰশত বিবেক অশ্লীল হৈ পৰে
ভদ্ৰতাৰ ৰসেৰে স্নান কৰি
জানো উপশম পোৱা যায়?
হৃদয় গহ্বৰত শ্ৰেষ্ঠ জীৱৰ
উৎকৃষ্ট অলংকাৰ পিন্ধি
শান্ত হোৱা জনে হয়তো উপভোগ কৰে
জীৱনৰ প্ৰকৃত মাদকতা
জীয়াই থকাৰ আনন্দ।
