প্ৰয়াত অধ্যাপিকা আৰতি শৰ্মালৈ গভীৰ শ্ৰদ্ধাঞ্জলি
গভীৰ শোকৰ সৈতে জনোৱা হৈছে যে অধ্যাপিকা আৰতি শৰ্মা, ১ আগষ্ট ২০২৬, পুৱা ১০:৪৫ বজাত, গুৱাহাটীস্থিত নেমকেৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।
তেওঁৰ জন্ম হৈছিল *গহপুৰত* । শৈশৱৰ পৰাই তেওঁ এগৰাকী মেধাৱী ছাত্ৰী হিচাপে পৰিচিত আছিল। তেওঁ কটন কলেজ, গুৱাহাটীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।
তেওঁ শিক্ষা জগতত নিষ্ঠা, সততা আৰু একাগ্ৰতাৰে সেৱা আগবঢ়াই চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় (টীয়ক, যোৰহাট) অধ্যাপিকা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে আৰু পিছলৈ একে মহাবিদ্যালয়ৰ উপাধ্যক্ষা (Vice Principal) হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁৰ জ্ঞান, শৃংখলাবোধ, সৰলতা আৰু শিক্ষাৰ প্ৰতি অকৃত্ৰিম নিষ্ঠাই অসংখ্য ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰি গৈছে।
তেওঁ আছিল অসমৰ প্ৰাক্তন ৰাজ্যিক নিৰ্বাচন আয়ুক্ত প্ৰয়াত শ্ৰী দিলীপ বৰঠাকুৰৰ সহধৰ্মিণী। তেওঁৰ মৃত্যুত দুজন পুত্ৰ, তেওঁলোকৰ পৰিয়াল আৰু চাৰিজন নাতি-নাতিনীক এৰি গৈছে।
তেওঁৰ মৰম, আদৰ্শ, আশীৰ্বাদ আৰু জীৱনবোধ পৰিয়াল, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ আৰু অসংখ্য শুভাকাঙ্ক্ষীৰ হৃদয়ত চিৰদিন জীয়াই থাকিব। তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।
*’ওঁ শান্তি’*
