কম্পিউটাৰ নজনা কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি

Pc The Janambhumi

কম্পিউটাৰ নজনা কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি

ৰঙিলী বাৰ্ত্তাসেৱা- কম্পিউটাৰ নজনা কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি!২ অক্টোবৰৰ পৰা সকলো কৰ্মচাৰীয়ে ভাবি লওক আমি নতুন জীৱন আৰম্ভ কৰিম।দিছপুৰ খেলপথাৰত লোককল্যাণ দিৱস উপলক্ষ্যে আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।সচিবালয়ৰ সকলো কাম পেপাৰবিহীন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে,” ২ অক্টোবৰৰ পৰা অসম সচিবালয়ৰ সকলো কাম ডিজিটেল হ’ব।ডিজিটেল পদ্ধতিত কাম কৰিব লাগিব সচিবালয়ৰ কৰ্মচাৰীয়ে।২ অক্টোবৰৰ পৰা অসমৰ কোনো বিষয়াই মেনুৱেল ফাইল নলয়।কোনোবাই যদি কিবা কামত অসম সচিবালয়লৈ আহে তেলেহলে সচিবালয়ৰ বাহিৰত কম্পিউটাৰত টাইপ কৰিলেই সকলো নিষ্পত্তি হ’ব।অসম সচিবালয়ত মাত্ৰ ২০ হাজাৰ ফাইল থবৰ বাবে ঠাই আছে।অসম সচিবালয়ৰ ৩ লাখ ২৪ হাজাৰ ফাইলৰ ২ লাখ ৭৪ হাজাৰ ফাইলৰ কাম নিষ্পত্তি কৰা হৈছে।”সচিবলয়ত কাম কৰা যিসকল কৰ্মচাৰীয়ে কম্পিউটাৰ নাজানে তেওঁলোকক কম্পিউটাৰ শিকি ল’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,”কম্পিউটাৰ শিকিব নোখোজা কৰ্মচাৰীক কোনেও কাম নিদিব।তেওঁলোকক আমাৰ মাজত নাই বুলি আমি ধৰি লম।সচিবালয়ত কাম কৰিলে ডিজিটেলৰ কাম কৰিব জানিবই লাগিব।কম্পিউটাৰ শিকিব নোখোজাসকলে নিৰ্দিষ্ট সঞ্চালকালয়ৰ সৈতে যোগাযোগ কৰক।”