ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী

Pc The Janambhumi

ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী, এগৰাকী সন্যাসীৰ ভৱিষ্যদ্বাণীক লৈ আৰম্ভ হৈছে চৰ্চা

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাহুল গান্ধী কেতিয়াবা দেশৰ প্ৰধানমন্ত্ৰী হ’ব পাৰিবনে?এই প্ৰশ্নটো বহুতৰ মনত উত্থাপিত হয়।ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী! -এই ভৱিষ্যদ্বাণী কৰ্ণাটকৰ লিংগায়ত সম্প্ৰদাসৰ এগৰাকী সন্যাসীৰ।বুধবাৰে কৰ্ণাটকৰ মুৰুগ ৰাজেন্দ্ৰ মঠৰ এগৰাকী সন্যাসীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ কৰা এই ভৱিষ্যদ্বাণীয়ে শেহ্তীয়ালৈ লাভ কৰিছে তীব্ৰ চৰ্চা।ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ লিঙ্গায়ত সন্ন্যাসীসকলৰ মঠ পৰিদৰ্শন কৰিছিল।তেতিয়াই সন্ন্যাসী হাভেৰী হোচামুত্তা স্বামীয়ে কৈছিল যে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব।হাভেৰী হোচামুট স্বামীয়ে তেওঁৰ আইতা আৰু দেউতাকৰ কথা উল্লেখ কৰিছিল।যি দুয়োজন প্ৰধানমন্ত্ৰী আছিল।আৰু কৈছিল, “ইন্দিৰা গান্ধীজী প্ৰধানমন্ত্ৰী আছিল, ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী আছিল, আৰু এতিয়া ৰাহুল গান্ধীক লিঙ্গায়ত সম্প্ৰদায়ত দীক্ষা দিয়া হৈছে আৰু তেওঁ প্ৰধানমন্ত্ৰী হ’ব।”অৱশ্যে, তেওঁৰ মন্তব্যৰ পিছত, মঠৰ মুৰব্বীজন অস্বস্তিত পৰিছিল।সন্ন্যাসীজনে এনে ভৱিষ্যতবাণী কৰাৰ পিছত শ্ৰী মুৰুগৰাজেন্দ্ৰ মঠৰ মুৰব্বী শ্ৰী শিৱমূৰ্তি ক্ষতি ডেমেজ কণ্ট্ৰোললৈ নামি আহিছিল।তেওঁ প্ৰায় লগে লগে কৈছিল যে যিজন ইয়ালৈ আহে তেওঁ আশীৰ্বাদপ্ৰাপ্ত। অনুগ্ৰহ কৰি এইটো নক’ব… এইটো প্লেটফৰ্ম নহয়।পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ’ব সেয়া মানুহে সিদ্ধান্ত লয় আৰু এনে কথা কোৱাৰ মঞ্চ নহয়।উল্লেখযোগ্য যে,কৰ্ণাটকৰ ১৭ শতাংশ জনসংখ্যাৰ লিংগায়ত সম্প্ৰদায় ৰাজনীতিৰ দিশেৰে এক গুৰুত্বপূৰ্ণ ভোট বেংক হিচাপে পৰিগণিত হৈ আহিছে।অৱশ্যে লিংগায়ত সম্প্ৰদায় বিজেপিৰ ভোট বেংক হিচাপে অধিক পৰিচিত।বৰ্তমান কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্বাইও লিংগায়ত সম্প্ৰদায়ৰে প্ৰতিনিধি।সেয়েহে বছৰ বছৰ ধৰি বিজেপিক সমৰ্থন জনাই অহা লিংগায়ত সম্প্ৰদায়ৰ এগৰাকী সন্যাসীয়ে ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হ’ব বুলি কৰা ভৱিষ্যদ্বাণীয়ে স্বাভাৱিকতে চৰ্চা লাভ কৰিছে।নে লাহে লাহে লিংগায়ত সম্প্ৰদায়ৰ বিজেপিৰ প্ৰতি মোহভংগ ঘটিছে, তাক লৈও প্ৰশ্নৰ উত্থাপন হৈছে।