প্ৰাক্তন মন্ত্ৰী ড° নজৰুল ইছলামৰ মৃত্যুত লাহৰীঘাটবাসী মৰ্মাহত

প্ৰাক্তন মন্ত্ৰী ড° নজৰুল ইছলামৰ মৃত্যুত লাহৰীঘাটবাসী মৰ্মাহত

টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাক্তন মন্ত্ৰী তথা লাহৰীঘাট সমষ্টিৰ ৫ বাৰৰ কংগ্ৰেছী বিধায়ক ড° নজৰুল ইছলামৰ মৃত্যু।নেতা গৰাকী কিছু সময় পূৰ্বে গুৱাহাটী হেল্থ চিটীত শেষ নিশ্বাস ত্যাগ কৰে।তেওঁৰ এই বাতৰিয়ে।মৰিগাঁওবাসীৰ লগতে লাহৰীঘাটবাসীক মৰ্মাহত কৰি তুলিছে ৷ প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ সম্পাদক মৰিগাঁৱৰ যুৱ নেতা ৰাজীৱ আহমেদও জেষ্ঠ্য নেতা গৰাকীলৈ গভীৰ শোক প্ৰকাশ কৰে ৷ উল্লেখ যে কংগ্ৰেছৰ জেষ্ঠ্য নেতা গৰাকীৰ নশ্বৰ দেহ আজি দিনৰ ২ বজাত শেষ শ্ৰদ্ধা জ্ঞাপনৰ অৰ্থে ৰাজীৱ ভৱনলৈ নিয়া হ’ব।প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দই তেখেতৰ বিদেহ আত্মাৰ সদগতিৰ অৰ্থে প্ৰাৰ্থনা জনাব।ড° নজৰুল ইছলাম ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা অসম বিধানসভাৰ সদস্য আছিল।২০০২ চনৰ ৭ জুনৰ পৰা ২০১৬ চনৰ ২০ মে’লৈ অসম চৰকাৰৰ তৰুণ গগৈ চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷তেওঁ ১৯৯৬ চনৰ পৰা ২০২১ চনলৈ লাহৰীঘাট সমষ্টিৰ পৰা পোনপটীয়াকৈ পাঁচবাৰকৈ নিৰ্বাচিত হৈছে।