পুনৰ ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ডাঃ সংগীতা দত্তক
ৰঙিলী বাৰ্ত্তাসেৱা- অবৈধভাৱে সন্তান তুলি লৈ নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ডাঃ সংগীতা দত্তক পুনৰ ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষী জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিছত তেওঁক আদালতত হাজিৰ কৰোৱা হৈছিল দত্তক। আদালতে পুনৰ ৩ দিনৰ বাবে আৰক্ষী জিম্মাত দিয়ে তেওঁক।আদালতে নিৰ্যাতিত দুটি শিশুৰো জবানবন্দী সংগ্ৰহ কৰে।