পিয়লি ফুকন নগৰ সাহিত্য চক্ৰৰ বাৰ্ষিক অধিৱেশন

পিয়লি ফুকন নগৰ সাহিত্য চক্ৰৰ বাৰ্ষিক অধিৱেশন

ৰঙিলী বাৰ্ত্তাসেৱা-  পিয়লি ফুকন নগৰ সাহিত্য চক্ৰৰ ২০ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশনখন পিয়লি ফুকন নগৰ উন্নয়ন সমিতি আৰু মহিলা সমিতিৰ কাৰ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷পুৱাৰ ভাগত স্থানীয় শিশুসকলৰ মাজত খেল ধেমালি আৰু কুইজ প্ৰতিযোগিতাৰ উপৰি এখন কবি সন্মিলন অনুষ্ঠিত হয়৷উক্ত সন্মিলনত কেইবাগৰাকী নবীন প্ৰবীন কবিয়ে স্বৰচিত কবিতা পাঠ কৰে৷সাহিত্য চক্ৰৰ সভাপতি কানন শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক নিত্যানন্দ সভাপন্দিতে সভাত ভূমিকা শৰ্মা সাহা আৰু বৰ্ণালী দাস সম্পাদিত বাৰ্ষিক মুখপত্ৰ ‘প্ৰেৰণা’ উন্মোচন কৰে ‘নতুন ৰেঙনী’ কাব্যালোচনীৰ সম্পাদক চন্দন কুমাৰ শৰ্মাই৷সভাত বিশিষ্ট অতিথি ৰূপে উপস্হিত থাকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন কেন্দ্ৰ সঞ্চালক অৱণী ৰঞ্জন পাঠক,কৃতী ব্যাকৰণবিদ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য,কাজিৰঙা মহাবিদ্যালয়ৰ অধ্যাপক হেমচন্দ্ৰ বৰা,পঞ্চদ্বীপ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ধীৰেন শইকীয়া৷সাহিত্য চক্ৰৰ আমন্ত্ৰণ ক্ৰমে নৃত্যশিল্পী বাবী ভৰালী বৰুৱাৰ পৰিচালনাত মুজুৰা কলা কেন্দ্ৰৰ শিশু শিল্পীসকলে পৰিৱেশন কৰে সত্ৰীয়া তথা লোক সংগীতৰ এক সুন্দৰ অনুষ্ঠান ‘অমিয়া সুৰ’৷শিল্পীসকল হ’ল- নেইনিকা দাস,বৰষাৰাণী গগৈ,আকৃতি মহন্ত,নিষ্ঠী কলিতা,অহিৰ বৰুৱা,শ্ৰুতি হাজৰিকা,বিবল্লী কাকতি,অক্ষিতী দাস,নৈঋতি পৰাশৰ,প্ৰাচী শৰ্মা,অনুস্কা কলিতা,নিয়াশা মেধি,নিষ্ঠী প্ৰিয়া কুমাৰী আৰু মূৰ্চনা শৰ্মা৷বাদ্যযন্ত্ৰত সহযোগ কৰে পংকজ বৰুৱা,ভূপেন ৰাজবংশী আৰু লীলা দাসে৷উক্ত সভাত খেল ধেমালি আৰু কুইজ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক বঁটা প্ৰদান কৰা হয়৷