অৰ্থনৈতিক সংকটক লৈ হোৱা প্ৰতিবাদৰ মাজতে শ্ৰীলংকাৰ জৰুৰীকালীন অৱস্থা ঘোষণা 

pc Hindustan Times

অৰ্থনৈতিক সংকটক লৈ হোৱা প্ৰতিবাদৰ মাজতে শ্ৰীলংকাৰ জৰুৰীকালীন অৱস্থা ঘোষণা 

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশখনৰ দশকৰ ভিতৰত আটাইতকৈ বেয়া অৰ্থনৈতিক সংকটক লৈ হোৱা প্ৰতিবাদ হিংসাত্মক হোৱাৰ পিছত শ্ৰীলংকাই দেশজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। এক গেজেট অধিসূচনাত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে কয় যে এই সিদ্ধান্ত ৰাজহুৱা সুৰক্ষাৰ স্বাৰ্থত লোৱা হৈছে। বৃহস্পতিবাৰে, কন্দুৱা গেছ নিক্ষেপ কৰাৰ পিছত ৰাজপাক্ষেৰ ঘৰৰ বাহিৰত শ শ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ সৈতে সংঘৰ্ষ কৰে। ৫০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।