পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে মুকলি
ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ জৈৱ-বৈচিত্র্য কেন্দ্ৰ পৃথিৱীৰ ভিতৰতে কম আয়তনত সৰ্বাধিক গঁড় থকা পবিতৰা অভয়াৰণ্য আজিৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। এই বছৰ ব্ৰহ্মপুত্ৰৰ বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা অভয়াৰণ্যখনৰ আন্তঃগাঁথনি ইমিতধ্যে মেৰামতি সম্পন্ন হৈছে। কোভিডসৃষ্ট পৰিস্থিতিত বিভিন্ন বাধ্যবাধকতাৰ বাবে যোৱা বছৰ পবিতৰালৈ পৰ্যটকৰ সোঁত কম আছিল যদিও পবিতৰাই মুঠ ৩৬ লাখ টকা ৰাজহ সংগ্রহ কৰিছিল। আজি জলসম্পদ আৰু জনসংযোগ মন্ত্রী পীযুষ হাজৰিকাই পবিতৰা অভয়াৰণ্য আনুষ্ঠানিকভাৱে মুকলি কৰিব।