পথৰ কাষৰ গাঁতৰ বাবেই প্ৰাণ হেৰুৱালে এজন যুৱকে

পথৰ কাষৰ গাঁতৰ বাবেই প্ৰাণ হেৰুৱালে এজন যুৱকে

ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত সংঘটিত হৈছে আন এক কৰুণ ঘটনা। পথৰ কাষত খন্দা গাঁতৰ বাবে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটি ল’লে এজন যুৱকে।দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকজনৰ নাম আব্দুল ৰহিম। ৩৮ বছৰীয়া যুৱকজনে নিশা বায়েকৰ অসুস্থতাৰ খবৰ ল’বলৈ ডিব্ৰুগড়ৰৰ লোহাৰপট্টীৰ পৰা নালিয়াপুললৈ স্কুটী চলাই গৈ থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনা। যুৱকজনে চলাই যোৱা স্কুটীখন পথৰ কাষত খান্দি থোৱা গাঁতত সোমাই যোৱাৰ ফলত বহূ দূৰলৈ চিটিকি যায় যুৱকজন। গুৰুতৰভাৱে আহত যুৱকজনক হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয়।