“নৈপৰীয়া দুখ” – মুন শৰ্মা

“নৈপৰীয়া দুখ”
         মুন শৰ্মা,লখিমপুৰ
আহিল বাৰিষা পৰিল বৃষ্টি হ’ব মহাকাল !
আহিব বান সোমাব পানী;
হ’ব বিপদাপন্ন নৈপৰীয়া জীৱন।
 আপোন ঘৰৰ  বিচ্ছিন্ন সিহঁত ;
 আকাশৰ  তলত  আধাপেটীয়া সিহঁত।
এমুঠি অন্নৰ বাবে বিয়াকুল সিহঁত;
এটুপি জলৰ বাবে  বলিয়া সিহঁত;
নোৱাৰি চাব  সিহঁতৰ জীৱন ,
দুখ  ভৰা সিহঁতৰ কৰুণ দৃশ্য তাৰ।
বাৰিষা আহিলে কাণত বাজে;
নৈপৰীয়া শিশুৰ হিয়া ভগা কান্দোন,
বাৰিষা আহিলে চকুত ভাঁহে;
নৈপৰীয়া লোকৰ অসহায় জীৱন ছবি ।
ডাঙৰ লোকৰ ডাঙৰ কথা..!
নোৱাৰে বুজিব  সিহঁতে সিহঁতৰ  কৰুণ গাঁথা।
কি পাপৰ ফল সিহঁতৰ
অভিশাপে আৱৰা  এক ভয়ানক জীৱন।